আন্তঃৰাষ্ট্ৰীয়

দুঃখবৰ! তিনিবাৰকৈ বিশ্বকাপ জয় কৰা মহান ফুটবলাৰ পেলেৰ দেহাৱসান

৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ জয় কৰিছিল খেলুৱৈ গৰাকীয়ে।

মহান ফুটবলাৰ পেলেৰ দেহাৱসান।৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ফুটবলৰ সম্ৰাটগৰাকীয়ে।তিনিবাৰ বিশ্বকাপ জয় কৰা একমাত্ৰ খেলুৱৈ আছিল পেলে। ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ জয় কৰিছিল খেলুৱৈ গৰাকীয়ে।

বিগত মাহত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল পেলেক। কৰ্কট ৰোগৰ সৈতে যুঁজি থকা ব্ৰাজিলিয়ান ফুটবলাৰগৰাকীক ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

১৯৪০ চনৰ ২৩ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল এডছন আৰান্তেছ ডো নাছিমেণ্টোৱে, যাক সমগ্ৰ বিশ্বই ‘পেলে’ নামেৰে জানে। পিতৃৰ পৰা ফুটবল শিকিছিল পেলেই।ব্ৰাজিলৰ মিনছ গেৰেছ ৰাজ্যত জন্মগ্ৰহণ কৰা মহান খেলুৱৈগৰাকী এতিয়ালৈ ছেলেকাঅ’ৰ বাবে সৰ্বাধিক গ’ল কৰা খেলুৱৈ। ৯৫খন মেচত ৭৭ গ’ল কৰিছে মহান খেলুৱৈগৰাকীয়ে। ফিফাৰ দ্বাৰা তেওঁক ‘দ্য গ্ৰেটেষ্ট’ নামেৰে বিভূষিত কৰা হৈছিল। তিনিবাৰকৈ বিবাহপাশত আবদ্ধ হোৱা পেলেৰ মুঠ ৭টা সন্তান আছে।

তিনিখন বিশ্বকাপ জিকা পেলেই নিজৰ কেৰিয়াৰত ১২৭৯টা গ’ল কৰিছে। ইয়াৰ উপৰি ৬খন ব্ৰাজিলিয়ান লীগৰ খিতাপো দখল কৰিবলৈ সক্ষম হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.