অপৰাধ

বন্ধুৱেই বন্ধুক কৰিলে হত্যা! মৃতদেহ কঢ়িওৱাৰ বাবে বুক কৰিলে কেব

কাহানিও সংঘটিত নোহোৱা এক ঘটনাই জুকাৰি গৈছে গুৱাহাটী।

কাহানিও সংঘটিত নোহোৱা এক ঘটনাই জুকাৰি গৈছে গুৱাহাটী। মহানগৰত মৃতদেহ কঢ়িওৱাৰ বাবে এজন লোকে বুক কৰিলে কেব। অফ লাইনত কেব বুক কৰি কঢ়িয়ালে মৃতদেহ। বন্ধুৱেই বন্ধুক হত্যা কৰি মৃতদেহ উবেৰত নি পেলালে জংঘলত। ঘটনাৰ পাছতে আৰক্ষীৰ কাষ চাপিল কেব চালকজন। কেব চালকজনৰ নাম খগেন দাস। হত্যাৰ বলি হোৱা লোকজনৰ নাম প্ৰেমধৰনাথ ভূঞা। হাতুৰীৰে কোবাই লোকজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। হিতেশ দাসে লোকজনক হত্যা কৰাৰ অভিযোগ।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হিতেশ দাসক। ৰুক্মিণীগাঁৱত ৰিক্সা চলায় হিতেশ দাসে, নলবাৰীৰ নীলপুৰত ঘৰ ধৃত হিতেশৰ। হিতেশে কমলপুৰৰ ঘন জংঘলত পেলাই দিছিল প্ৰেমধৰৰ মৃতদেহ। চালকজনৰ সন্দেহ ওপজাত হিতেশ দাসক প্ৰশ্ন কৰাত তেওঁ চালক খগেন দাসক হত্যাৰ ভাবুকি দিয়ে। পাছত চালক দাসে এই কথা দিছপুৰ থানাত অৱগত কৰাত আৰক্ষীয়ে ৰুক্মিণীগাঁৱৰ ভাৰাঘৰৰ পৰা অভিযুক্ত হিতেশ দাসক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাৰ পিছত প্ৰকৃত ঘটনা ওলাই পৰে।

বৃহস্পতিবাৰে পুৱাৰ ভাগত এই ঘটনা সংঘটিত হোৱা বুলি স্বীকাৰ কৰিছে অভিযুক্তই। মৃত প্ৰেমধৰনাথ ভূঞাৰ ঘৰ প্ৰক-ত ঘৰ পাঠশালাত। আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰী দাসৰ সৈতে দীৰ্ঘদিনৰ পৰা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল ভূঞাৰ। সেইসূত্ৰে মাজেসময়ে দাসে বন্ধু ভূঞাৰ পৰা টকা-পইচা ধাৰলৈ নিছিল। মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, হিতেশ দাসে তেওঁৰ বন্ধুৰ সৈতে ধনৰ লেন-দেনক লৈ কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতে হত্যাকাণ্ডটো সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.