অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জনজাতি অজনজাতি সংঘাতৰ মাজতে মণিপুৰত আৱদ্ধ আছিল এজন যুৱক, ভয় আৰু শংকাত দিন কটাবলগীয়া হৈছিল

জনজাতি অজনজাতি সংঘাতৰ মাজতে আৱদ্ধ নাহৰকটীয়াৰ এজন যুৱক।

মণিপুৰত অশান্ত পৰিৱেশ সৃষ্টি হোৱাত ভয় আৰু শংকাত দিন অতিবাহিত কৰিব লগা হৈছিল যুৱকজনৰ লগতে পৰিয়ালবৰ্গই।

এই তথ্য লাভৰ পাছতে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে।

অৱশেষত যুৱকজনক ইম্ফলৰ পৰা উদ্ধাৰ কৰিলে বিধায়ক তৰংগ গগৈয়ে।

মৃণ্ময় গগৈ সুকলমে আহি বাসগৃহত উপস্থিত হোৱাত জয়পুৰৰ সমাজকৰ্মী মৃদুল কলিতা আৰু বিধায়ক তৰংগ গগৈৰ নাম লৈ জুৰিলে বিহুনাম।

বিহুনাম জুৰি গাওঁবাসীয়ে এনেদৰে আনন্দ উল্লাস কৰাৰ বিধায়কগৰাকীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে পৰিয়ালৰ লগতে গাওঁবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.