অসমগুৱাহাটীচিকিৎসা

গুৱাহাটীত নিৰ্মাণ হ’ব দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়, সম্পন্ন হ’ল ভূমি পূজন…

কালাপাহাৰৰ যক্ষ্মা হাস্পতাল আৰু MMCHক একেলগ কৰি নিৰ্মাণ কৰা হ'ব দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়। এই নতুন মেডিকেল কলেজৰ নাম হ'ব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ।

অসমৰ চিকিৎসা, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ সৱলীকৰণৰ বাবে চৰকাৰৰ অন্য এক বলিষ্ঠ পদক্ষেপ। কালাপাহাৰৰ যক্ষ্মা হাস্পতাল আৰু MMCHক একেলগ কৰি নিৰ্মাণ কৰা হ’ব দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়। এই নতুন মেডিকেল কলেজৰ নাম হ’ব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ।

 

সোমবাৰে, কালাপাহাৰ চৌহদ আৰু গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয় চৌহদত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ ভূমিপূজন অনুষ্ঠান সম্পন্ন কৰা হয়। ভূমিপূজন অনুষ্ঠান সম্পন্ন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাসংসদ কুইন ওজা।

 

দক্ষিণ পূব এছিয়াৰ ভিতৰতে সৰ্বাধিক সা-সুবিধা থাকিব গুৱাহাটীত। ৫০০খন বিচনাযুক্ত গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব ২০২৫ চনৰ ভিতৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.