assam policeRegionalঅপৰাধঅসম আৰক্ষীচিকিৎসা
Trending

১৫ বছৰীয়া কিশোৰীৰ সৈতে কি কৰ্ম কৰিলে চিকিৎসকে ?

১৫ বছৰীয়া এগৰাকী কিশোৰীৰ অস্ত্ৰোপচাৰ কাণ্ড‌ই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত।

১৫ বছৰীয়া এগৰাকী কিশোৰীৰ অস্ত্ৰোপচাৰ কাণ্ড‌ই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত।

ঘটনা ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমৰ। কিশোৰীৰ অবৈধ অস্ত্ৰোপচাৰ কৰি আৰক্ষীৰ ৰোষত চিকিৎসক ডাঃ সীমান্ত টায়ে। যোৱা ২৩ জুন তাৰিখে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত অবৈধ অস্ত্ৰোপচাৰ কৰি সন্তান জন্ম দিয়াইছিল চিকিৎসকজনে। ডাঃ টায়ে ডিমৌ আদৰ্শ চিকিৎসালয়ত  কৰ্মৰত আছিল । আৰু জানিব পৰা মতে কিশোৰী গৰাকীৰ ঘৰ ডিমৌৰ মাহমৰা চাহ বাগিচাত।

ইতিমধ্যে,  ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভৰত মুণ্ডা নামৰ এজন যুৱকক  আৰু  আটক কৰিছে কিশোৰী গৰাকীৰ পিতৃ, মাতৃ আৰু  চিকিৎসালয়খনৰ নাৰ্চ, আশাকৰ্মীক ।

উল্লেখযোগ্য যে, ভৰত মুণ্ডাই প্ৰেমৰ চলনাৰে কিশোৰীগৰাকীক কৰিছিল অন্তঃসত্বা । আৰু   সন্তানটিৰ প্ৰসৱৰ পাছতেই চমজাই দিয়ে লিডুৰ এটা পৰিয়ালক। এতিয়াওঅব্যাহত আছে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + two =

Back to top button