AssamCity newsInternationalInternationalleatest updatenationalRegionalSocialSocial Networkঅসমদৈনিক বাতৰি

পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

কিমান টকাৰে কিনিব পাৰিব এতিয়া চিলিণ্ডাৰ

পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

 

মে’ৰ  প্ৰথমটো দিনতে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য । অইল মাৰ্কেটিং কোম্পানীসমূহে হ্ৰাস কৰিলে চিলিণ্ডাৰৰ দৰ । ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে। প্ৰতিটো কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ১৯ৰ পৰা ২০ টকালৈ হ্ৰাস কৰা হৈছে। আজিৰে পৰা কাৰ্যকৰী হ’ব এই নতুন দাম। I প্ৰকাশ কৰিলে OCLৰ ৱেবছইটত ।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কত কিমান দাম হ্ৰাস

দিল্লীত চিলিণ্ডাৰৰ দাম ১৯ টকা হ্ৰাস কৰা হৈছে আৰু ইয়াৰ দাম ১৭৬৪.৫০ টকাৰ পৰা হ্ৰাস পাই এতিয়া ১৭৪৫.৫০ টকা ।

মুম্বাই চিলিণ্ডাৰৰ দাম ১৭১৭.৫০ টকাৰ পৰা হ্ৰাস পাই ১৬৯৮.৫০ টকা । চেন্নাইত এই চিলিণ্ডাৰৰ দাম ১৯ টকা হ্ৰাস পাইছে আৰু ইয়াৰ দাম ১৯৩০ টকাৰ পৰা ১৯১১ টকা ।

কলকাতাত চিলিণ্ডাৰৰ দাম ২০ টকা হ্ৰাস কৰা হৈছে । এতিয়ালৈ ১৮৭৯ টকাত বিক্ৰী হৈ থকা চিলিণ্ডাৰ এতিয়া লাভ কৰিব ১৮৫৯ টকা।

গুৱাহাটীত চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে ১৯.৫০ টকা । গুৱাহাটীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব ১৯৯১.৫০ টকা।

ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত দামৰ কোনো পৰিৱৰ্তন হোৱা নাই পূৰ্বৰ দৰেই আছে দাম । গুৱাহাটীত বৰ্তমান ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮৫২ টকা । দিল্লীত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮০৩ টকা আৰু উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰৰ দাম ৬০৩ টকা। কলকাতাত ঘৰুৱা চিলিণ্ডাৰ পূৰ্বৰ দৰেই ৮২৯ টকা । চেন্নাই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮১৮.৫০ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.