অপৰাধজন্তু

এটা অবুজ কুকুৰক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰিলে উদণ্ড যুৱকে

জীৱ শ্ৰেষ্ঠ মানুহৰ অমানবীয় কাণ্ড

জীৱ শ্ৰেষ্ঠ মানুহৰ অমানবীয় কাণ্ড। এটা অবুজ কুকুৰক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰিলে উদণ্ড যুৱকে। এই নিকৃষ্ট ঘটনা সংঘটিত হৈছে হাউলীত। হাউলী চহৰত ঘুৰি ফুৰা কুকুৰটোক মানুহ ৰূপী দানৱে দাৰে পিঠিত ঘপিয়াই আহত কৰে। এই ঘটনাৰ পিছতে স্থানীয় এক যুৱকে কুকুৰটোক নিজৰ ফাৰ্মাচীত চিকিৎসা চলাই। আনহাতে আহত কুকুৰটোৰ কাষতে ঘুৰি ফুৰিছে আন এটি সতীৰ্থ কুকুৰ। এই দৃশ্যই সকলোকে আবেগিক কৰি তুলিছে। এই নিকৃষ্ট কাণ্ড সংঘটিত কৰা ৰকিবুল ইছলামক আটক কৰে হাউলী আৰক্ষীয়ে। আক্ৰমণকাৰী ৰকিবুলক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ হাউলীৰ সচেতন লোকে আৰক্ষী প্ৰশাসনক দাবী জনাইছে। হাউলীৰ মাংস বজাৰত সংঘটিত হয় এই ঘটনা। আক্ৰমণকাৰী ৰকিবুল মাংস বজাৰৰ কৰ্মচাৰী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.