অপৰাধভাৰত

যুগৰ পৰিৱৰ্তন হ’ল। এইবাৰ যুৱকক অপহৰণ কৰি ধৰ্ষণ কৰিলে চাৰি যুৱতীয়ে! এই ঘটনা ক’ৰ!

পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে এই আজৱ কাণ্ড

আজৱ ভাৰতৰ বিষম কাহিনী। যুগৰ পৰিৱৰ্তন হ’ল। পঞ্জাবত সংঘটিত এক ঘটনাই চকু কপালত উঠাইছে সকলোৰে। এইবাৰ যুৱকক অপহৰণ কৰি ধৰ্ষণ কৰিলে চাৰি যুৱতীয়ে।

পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে এই আজৱ কাণ্ড। জানিব পৰা মতে, পঞ্জাৱৰ জলন্ধৰত কোম্পানীত কাম কৰা এজন যুৱকক অপহৰণ কৰি ধৰ্ষণ কৰে চাৰিগৰাকী যুৱতীয়ে। লেডাৰৰ ফেক্টৰীত কাম কৰা যুৱক জনে কাম সম্পূৰ্ণ কৰি ঘৰ আহি আছিল। আৰু তেতিয়াই চাৰিগৰাকী যুৱতীয়ে তেঁওক এটা ঠিকনা বিচাৰি এখন কাগজ দিছিল আৰু যুৱকজনে যেতিয়া কাগজ খন চাই তেতিয়াই যুৱতী কেইগৰাকীয়ে যুৱকজনৰ চকুলৈ অচেতন হোৱা দ্ৰৱ্য চতিয়াই দিয়ে। যুৱকজন থিতাতে অচেতন হৈ পৰে।

 

যুৱকজনে জনোৱা মতে তেঁওক যুৱতীকেইগৰাকীয়ে এক অচিনাকী ঠাইলৈ যায় আৰু তেঁওক ড্ৰাগছ দিয়ে। তাৰপাছতে চাৰিওগৰাকীয়েই তেঁওক ধৰ্ষণ কৰে। অৱশ্যে যুৱকজনে আৰক্ষীৰ ওচৰত এতিয়ালৈকে কোনো গোচৰ ৰুজু কৰা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.