অপৰাধ

লোমহৰ্ষক! নিজ পত্নী আৰু ১০মহীয়া সন্তানক ঘপিয়াই ঘপিয়াই হত্যা পিতৃৰ!

ৰাজ্যত এতিয়া সহজ হৈ পৰিছে জঘন্য অপৰাধ

১০মহীয়া সন্তানক ঘপিয়াই ঘপিয়াই হত্যা পিতৃৰ!

ৰাজ্যত এতিয়া সহজ হৈ পৰিছে জঘন্য অপৰাধ। হত্যা কৰিবলৈ এতিয়া অপৰাধীয়ে অলপমানো নাভাৱে। কোনোৱে যদি বন্ধুক হত্যা কৰিছে, কোনোয়ে আকৌ পত্নীক। শেহতীয়াকৈ পিতৃয়েনিজৰ সন্তানক  হত্যা কৰা ঘটনা পোহৰলৈ আহিছে।

বিশ্বনাথৰ চতিয়াৰ হাটিঙাৰ ৮নং বস্তীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। মুকেশ গড় নামৰ লোকজনে নিজ পত্নী চঞ্জলা চাওৰা আৰু ১০ মহীয়া এটি শিশুক চোকা অস্ত্ৰৰে ঘপিয়াই আক্ৰমণ কৰে৷

আক্ৰমণৰ ফলত থিতাতে নিহত হয় ১০ মহীয়া শিশুটি৷ গুৰুতৰভাৱে আহত পত্নী চঞ্জলা চাওৰাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

উল্লেখ্য যে চতিয়া ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হয় যদিও আৰক্ষী উপস্থিত হোৱাৰ আগেয়েই হত্যাকাৰী মুকেশ গড়ে পলায়ন কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.