আঞ্চলিকদুৰ্ঘটনা

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে একেটা পৰিয়ালৰে ৫ জনে

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। বিগত এমাহত ৰাজ্যত সৰহ সংখ্যক লোকেই পথ দুৰ্ঘটনাত প্ৰাণ হোৰুৱালে।১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যুক সাবটিলে একেটা পৰিয়ালৰে ৫ জন লোকে। গুৰুতৰভৱে আহত দুজন লোক।

গোৱালপাৰাৰ বলবলা গধাবৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে ।

গাড়ীৰ প্ৰচণ্ড খুন্দাত থিতাতে মৃত্য়ুক সাবটে একেটা পৰিয়ালৰ ৫জনকৈ লোকে। নিহত পাঁচজন ক্ৰমে আব্দুৰ ৰহিম, ছবুৰা খাতুন, নাজমা খাতুন, ছোহেইল ৰহমান, আৰু জহেল ৰহমান ।

আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দুজনকৈ লোকৰ এজন হৈছে আনোৱাৰ হুছেইন। বৰ্তমান চিকিৎসাধীন হৈ আছে দুয়োজন ব্যক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.