অসমদৈনিক বাতৰি

নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ সন্দৰ্ভত এমাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন

তদন্তৰ দায়িত্ব প্ৰদান অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক

বুধবাৰে ৰাজ্য জোকাৰি যোৱা নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক। এমাহৰ ভিতৰত এই সন্দৰ্ভত দাখিল কৰিব লাগিব প্ৰতিবেদন। বৃহস্পতিবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা হ’ল এই সিদ্ধান্ত। লগতে কেবিনেটৰ সিদ্ধান্ত মৰ্মেই দলং নিৰ্মাণৰ ক্ষেত্ৰত তদাৰকৰ দায়িত্ব মন্ত্ৰী অজন্তা নেওগক প্ৰদান কৰা হৈছে।

ইয়াৰোপৰি, মাজুলীৰ নাও দুৰ্ঘটনাৰ বাবে ফৌজদাৰী গোচৰ ৰুজু কৰাৰ বাবে যোৰহাট জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰা হৈছে। সেই অনুসৰি, প্ৰতিমাহে দলং নিৰ্মাণ সম্পৰ্কে তদাৰক কৰিব মন্ত্ৰীগৰাকীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.