Socialঅসম

নিয়োগ মেলাত অথন্তৰ: খামখেয়ালিৰ বাবে দুগৰাকীকৈ শীৰ্ষ বিষয়াক নিলম্বন চৰকাৰৰ

বহু নিবনুৱা যুৱক-যুৱতীয়ে এই নিয়োগ মেলাত অংশ লয়। পৰৱৰ্তী সময়ত ৪ জানুৱাৰীত অনুষ্ঠিত হ'ব এই নিয়োগ মেলা।

নিয়োগ মেলাত খামখেয়ালি। খামখেয়ালিক কেন্দ্ৰ কৰি কঠোৰ অসম চৰকাৰ। বৃহস্পতিবাৰে আৰম্ভ হোৱা নিয়োগ মেলাৰ পিছতে শুকুৰবাৰে নিলম্বন কৰা হয় দুগৰাকীকৈ শীৰ্ষ বিষয়াক। নিলম্বন কৰা হয় সহকাৰী সঞ্চালক লিপিকা দত্তৰ লগতে যুটীয়া সঞ্চালত টি ডুংগলক। মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ কঠোৰ নিৰ্দেশত নিলম্বন কৰা হয় দুই বিষয়াক।

উল্লেখ্য যে, দুদিনীয়াকৈ আৰম্ভ হৈছে অসম চৰকাৰৰ Department of Skill, Employment and Entrepreneurshipৰ অধীনত নিয়োগ মেলা। এক বিজ্ঞাপনযোগে অসম চৰকাৰে চাকৰি প্ৰত্যাশী যুৱক-যুৱতীক এই নিয়োগ মেলালৈ আহিবলৈ আহ্বান জনাইছিল।

বৃহস্পতিবাৰে, ৰাজ্যৰ ভিন্ন জিলাত অনুষ্ঠিত হয় এই নিয়োগ মেলা। বহু নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ আশাৰে অংশ লয় এই নিয়োগ মেলাত। পৰৱৰ্তী সময়ত ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব এই নিয়োগ মেলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.