Covid-19অসমস্বাস্থ্য

প্ৰকাশ পালে নতুন ক’ভিড SOP! কি কি আছে এই SOPত ?

নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব সান্ধ্য আইন

প্ৰকাশ পালে নতুন ক’ভিড SOP। চিনেমা হল, ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত শুকুৰবাৰে প্ৰশাসনে জাৰি কৰিলে SOP।
দীৰ্ঘদিনৰ বিৰতিৰ অন্তত চিনেমা হল খোলাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। দুয়োপালি ভেকচিন লোৱা সকলে চিনেমা হললৈ যাব পাৰিব বুলি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে চলিব চিনেমা হল। নিশা ৯ বজালৈকে খোলা ৰাখিব পাৰিব চিনেমা হলৰ কাৰ্যালয়।
আনহাতে, মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক-ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০জন লোকে ভাগ ল’ব পাৰিব। বিবাহ অনুষ্ঠানত অংশ ল’ব পাৰিব ২০০জন লোকে।

দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত অনুমতি। শিক্ষা বিভাগে ইতিমধ্যে পৃথকে এছঅ’পি জাৰি কৰিছে

ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰৰে জৰিত সকলো পক্ষৰে আলোচনা চলাই আছে। এই বিষয়ত মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সিদ্ধান্ত আগবঢ়াব। স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ আসনৰ দৰ্শক আৰু ক’ভিড প্ৰট’কল মানি নাট প্ৰদৰ্শন কৰিব পাৰিব। শিল্পী, কলা-কুশলী, দৰ্শক সকলোৱে দুয়োপালি প্ৰতিষেধক ল’ব লাগিব।

ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থানসমূহ যেনে, কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদিত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০ গৰাকী লোকৰ দৰ্শনত অনুমতি। আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ৪০গৰাকী লোকৰ বাবে অনুমতি। দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।

নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.