অসমআঞ্চলিক

‘মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য ক্ষেত্ৰ’লৈ ৰূপান্তৰ পুৰণি উপায়ুক্তৰ কাৰ্যালয়-মহানগৰত উপ-ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে এই ঐতিহ্যক্ষেত্ৰ…

সুদীৰ্ঘ ৯ বছৰৰ অন্তত আজি দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই ঐতিহ্য ক্ষেত্ৰৰ।

ঐতিহ্যক্ষেত্ৰলৈ ৰূপান্তৰ কামৰূপ(ম) জিলাৰ পুৰণি উপায়ুক্তৰ কাৰ্যালয়।  ‘মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য ক্ষেত্ৰ’ হিচাপে চিহ্নিত হ’ল উপায়ুক্তৰ কাৰ্যালয়টো।

দেশৰ স্বাধীনতাৰ পিছৰে পৰা প্ৰতিজন উপায়ুক্তই বাস কৰিছিল গুৱাহাটীৰ এই উপায়ুক্তৰ বাংলাত। এই ঠাইত ২০১১ চনতে এটা ঐতিহ্য ক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল অসম চৰকাৰে। পৰৱৰ্তী সময়ত ২০১২ চনত এই কাৰ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হয়।

সুদীৰ্ঘ ৯ বছৰৰ অন্তত আজি দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই ঐতিহ্য ক্ষেত্ৰৰ।এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, অসমীয়া জাতিক সমৃদ্ধ কৰা বহু সাংস্কৃতিক উপাদান সংৰক্ষণ কৰি ৰখা হৈছে ‘মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য ক্ষেত্ৰ’ত । শীঘ্ৰেই সৰ্ব সাধাৰণৰ বাবে মুকলি কৰা হ’ব মহানগৰৰ এই ঐতিহ্যক্ষেত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.