Social Networkঅপৰাধআন্তঃৰাষ্ট্ৰীয়জীৱনশৈলী
Trending

সোণৰ টয়লেট, মুখ ধোৱা বেচিন নিৰ্মাণ কৰি গ্ৰেপ্তাৰ শীৰ্ষ আৰক্ষী বিষয়া

উৎকোচ লোৱা ধনেৰে শীৰ্ষ ট্ৰেফিক আৰক্ষী বিষয়াই সাজিছে সুউচ্চ অট্টালিকা

ঐশ্বৰ্যশালী ধন-সম্পত্তিৰ অধিকাৰী এজন শীৰ্ষ আৰক্ষী বিষয়া। আৰক্ষী বিষয়াজনৰ অট্টালিকা দেখিলেই চকুত লগা। অত্যাধিক ধুনীয়া এই অট্টালিকাত নিৰ্মাণ কৰা হৈছে সোণৰ টয়লেট।

সম্প্ৰতি আৰক্ষীৰ জালত শীৰ্ষ আৰক্ষী বিষয়া। উৎকোচ লোৱা ধনেৰে ৰাছিয়াৰ শীৰ্ষ ট্ৰেফিক আৰক্ষী বিষয়াই সাজিছে সুউচ্চ অট্টালিকা। মঙলবাৰে ৰাছিয়াৰ অনুসন্ধানকাৰী দলে উদঘাটন কৰে দীৰ্ঘ দিন ধৰি চলি অহা এই বিশেষ চক্ৰৰ লুন্ঠনৰাজ। দুৰ্নীতিৰ টকাৰে সম্পত্তি গঢ়ি সম্প্ৰতি চৰ্চালৈ আহিছে ৰাছিয়াৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নাম।

বিলাসিতাপূৰ্ণ ৰিয়েল ইষ্টেটৰ দৰে দেখাত এই অট্টালিকাৰ ফটো প্ৰকাশ কৰিছে অনুসন্ধানকাৰী কমিটীয়ে। আৰক্ষী কৰ্ণেল আলেক্সি চেফ’নভ’ক গ্ৰেপ্তাৰ কৰাৰ পাছত দক্ষিণ ৰাছিয়াত থকা তেখেতৰ বিলাসী অট্টালিকাৰ ফটো প্ৰকাশ কৰা হৈছিল। এই বিলাসী অট্টালিকাৰ অধিকাংশ সামগ্ৰীয়েই সোণৰে নিৰ্মিত। ইয়াৰ সামগ্ৰীসমূহত খোদিত হৈ আছে সোণৰ কাৰু-কাৰ্য। বাথৰুমত ব্যৱহাৰ কৰা হৈছে সোণৰ লেট্ৰিন আৰু বেচিন।

উল্লেখযোগ্য যে, চেফ’ন’ভৰ লগতে আন ৬জন পুলিচ বিষয়াক অবৈধ শস্য পৰিবহন অনুজ্ঞাপত্ৰ দিয়াৰ বিনিময়ত ১৯ মিলিয়ন ৰাছিয়ান(19 million rubles)মূল্য উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। ষ্টাভৰ’প’ল আৰক্ষী বিভাগৰ অধিকাংশ লোক উৎকোচ লোৱাৰ অপৰাধত ধৰা পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.