AssamCultureFestivalGovernment SchemeHimanta Biswa Sarmanorth eastSocialSocial Networkঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিসংগীতসংস্কৃতি

বিহু সমিতিসমূহলৈ ভাল খবৰ

বিহু সমিতিসমূহে লাভ কৰিব ডেৰ লাখকৈ টকা

ৰাজ্যৰ বিহু সমিতিসমূহে দুই এদিনতে লাভ কৰিব চৰকাৰী অনুদান । সাহায্য প্ৰদানৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল অসম চৰকাৰে এই অনুৰোধৰ সেউজ সংকেত প্ৰদান কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে। ২০২২ চনৰ পৰা ৰাজ্য চৰকাৰে পুৰণি বিহু সমিতিসমূহক প্ৰদান কৰি আহিছে ডেৰ লাখ টকাৰ অনুদান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজ্য চান্দা অপসংস্কৃতি ৰোধৰ বাবে গ্ৰহণ কৰি আহিছিল এই পদক্ষেপ। কিন্তু এইবৰ্ষত দেশৰ লগতে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ বাবে বিহু কমিটীলৈ আৰ্থিক অনুদান প্ৰদানত আহি পৰিছিল বাধা। কিন্তু অৱশেষত ৰাজ্যৰ বিহু কমিটীক অনুদান প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সেউজ সংকেত প্ৰদান কৰিলে নিৰ্বাচন আয়োগে। এইবাৰ ৰাজ্যৰ ২৩০৬খন বিহু কমিটীয়ে লাভ কৰিব চৰকাৰী আৰ্থিক অনুদান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.