আন্তঃৰাষ্ট্ৰীয়আফগানিস্তান

আফগানিস্তানত অন্ত পৰিল নেকি সংবাদ মাধ্যমৰ স্বাধীনতা? তালিবানে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে সাংবাদিকক

, আফগানিস্তানত শাসন আৰম্ভ কৰা তালিবানে ৰোধ কৰিবলৈ বিচাৰিছে সাংবাদিকৰ কন্ঠ

তালিবানৰ শাসনাধীন আফগানিস্তানত জ্বলিছে ক্ষোভৰ জুই। আফগানিস্তানত সুৰক্ষিত নহয় সাংবাদিক। আফগানিস্তানত অন্ত পৰিল নেকি সংবাদ মাধ্যমৰ স্বাধীনতা?

তালিবানৰ বৰ্বৰতাৰ বলি কেইবাজনো সাংবাদিক। সংবাদ মাধ্যমৰ ওপৰতো বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে তালিবানে।

কিছুদিন পূৰ্বে আফগানিস্তানত মহিলাসকলে সমদল উলিয়াই তালিবানৰ শাসন শেষ কৰাৰ বাবে কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰাৰ বাবেই কাবুলৰ সাংবাদিকক আটক কৰে তালিবান সুৰক্ষা বাহিনীয়ে। কাবুলৰ এটা আৰক্ষী থানালৈ লৈ যোৱা হয় সাংবাদিক দুজনক। কাৰাগাৰৰ পৃথক কোষত ৰাখি দুয়োজন সাংবাদিককে কেবুলেৰে মাৰপিট কৰে সুৰক্ষা বাহিনীৰ লোকে।

এই ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, আফগানিস্তানত শাসন আৰম্ভ কৰা তালিবানে ৰোধ কৰিবলৈ বিচাৰিছে সাংবাদিকৰ কন্ঠ। আনকি তালিবানৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ সাৱ্যস্ত কৰিছে, সেই সকলৰ ওপৰতো অত্যাচাৰ আৰম্ভ কৰিছে তালিবানে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.