ৰাজনৈতিক

মণিপুৰত বিপুল ভোটত জয়ী মুখ্যমন্ত্ৰী এন বীৰেণ সিং…

মণিপুৰত এতিয়ালৈকে বিজেপিয়ে ৫খন আসন সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে।

ঘোষণা হ’ল মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। বহু উৎকণ্ঠাৰ অন্ত পেলাই জয়ী হ’ল মণিপুৰৰ এন বীৰেণ সিঙ।
আজি পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

 

২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হৈছিল মণিপুৰ বিধানসভা নিৰ্বাচন। মণিপুৰত ৬০টা বিধানসভা সমষ্টিত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সমান্তৰালভাৱে কংগ্ৰেছে ৬টা ৰাজনৈতিক দলৰ লগ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।
মণিপুৰত বিজেপিয়ে এতিয়ালৈকে ৫খন আসন সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে।

 

মণিপুৰৰ মুখ্যমন্ত্ৰী নংথমবাম বীৰেন সিঙে পূব মণিপুৰৰ হেইঙ্গাং সমষ্টিত ১৮,২৭১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। বিজেপি প্ৰাৰ্থী বীৰেন সিঙে ২৪,৮১৪টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ পাঙ্গেইযাম শৰতচন্দ্ৰ সিঙে ৬৫৪৩টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.