AssamInternationalleatest updateSocialSocial Networkঅসমআঞ্চলিকদৈনিক বাতৰি

পিঞ্জৰাত আবদ্ধ নাহৰফুটুকী

নাজিৰাৰ মাদুৰি চাহ বাগিচাত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড নাহৰফুটুকীক অৱশেষত বন বিভাগে ধৰিবলৈ সক্ষম হৈছে। অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টিৰ পাছত বন বিভাগৰ সক্ৰিয়তাই এই বিপজ্জনক অৱস্থাৰ পৰা ৰক্ষা কৰিলে অঞ্চলবাসীক। স্থানীয় ৰাইজৰ লগতে চাহ বাগিচাৰ শ্ৰমিকে কয় যে, নাহৰফুটুকীটোৱে বহু সপ্তাহ ধৰি বিভিন্ন পোহনীয়া জীৱ-জন্তুক হত্যা কৰি অঞ্চলটোত আতংকৰ পৰিৱেশ সৃষ্টি কৰিছিল। গাওঁবাসীৰ কুকুৰ, ছাগলী, গৰু আদিৰ ওপৰত নিয়মীয়াকৈ আক্ৰমণ কৰি আহিছিল । ফলস্বৰূপে অঞ্চলবাসীৰ দৈনন্দিন জীৱন বিঘ্নিত হয় আৰু শ্ৰমিকে ৰাতিপুৱা কামলৈ অহা-যোৱা কৰাত ভয় অনুভৱ কৰিবলৈ ধৰিছিল।

এই ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে পিঞ্জৰাৰ সহায়ত অভিযান আৰম্ভ কৰে। বহু পৰ্যবেক্ষণ আৰু পৰিকল্পনাৰ অন্তত, বিশেষভাৱে সাজু কৰা এখন পিঞ্জৰাত নাহৰফুটুকীটোক বন্দী কৰা হয়। নাহৰফুটুকীটোৰ বন্দীত্বই অঞ্চলটোত পুনৰ শান্তি কঢ়িয়াই আনিছে। চাহ বাগিচাৰ শ্ৰমিকে নিজৰ দৈনন্দিন কৰ্মত নিৰ্ভয়ে থাকিব পৰা হৈছে অঞ্চলবাসী।

এই ঘটনা মাদুৰি চাহ বাগিচাৰ,নাজিৰাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button