অসমআন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

স্বদেশৰ ভূমিত লাভলীনা! সকলোফালে কেৱল উৎসৱমুখৰ পৰিৱেশ

লাভলীনাক সন্মুখত পাবলৈ উৎসাহিত হৈ আছে লাভলীনাৰ পৰিয়াল আৰু শুভাকাংক্ষীসকল

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিসাহ ৰচনা কৰা অসম জীয়ৰী লাভলীনা এতিয়া স্বদেশৰ ভূমিত। স্বদেশৰ ভূমিত পৰ্দাপন কৰাৰ খবৰ পাই উৎফুল্লিত হৈ পৰিছে লাভলীনাৰ পৰিয়াল আৰু শুভাকাংক্ষীসকল। বিগত এবছৰে লাভলীনাক লগ পোৱা নাই মাতৃ আৰু জমজ জেষ্ঠ ভগ্নীদ্বয়ে। নিজ কন্যাক সন্মুখত পাবলৈ উৎসাহিত হৈ আছে লাভলীনা বৰগোঁহাইৰ মাতৃ মামনি বৰগোহাঁই।

ইতিমধ্যে লাভলীনাক আদৰবলৈ পিতৃ টিকেন বৰগোহাঁই দিল্লীত উপস্থিত হৈছেগৈ। কণিষ্ঠ ভগ্নীৰ বিশ্বমুখী যাত্রাৰ সফলতাত উৎফুল্লিত দুই জমজ ভগ্নীয়ে লাভলীনাক আদৰিবলৈ কৰ্মস্থলীৰ পৰা চুটীলৈ ঘৰলৈ আহিছে। বৰপথাৰ বাৰমুখীয়াৰ লাভলীনাৰ ঘৰত এতিয়া উৎসৱমুখৰ পৰিবেশ। গাঁৱৰ মহিলাই লাভলীনাৰ ঘৰৰ চোতালত বিহু গীত গাই ৰং ধেমালি কৰি ফুৰ্টি কৰিছে।

গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে বোকা পানী গচকি জগত জিনাৰ সপোন সাকাৰ কৰা লাভলীনাক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বৰপথাৰ বাৰমুখীয়াৰ ৰাইজে। ঢোলে-দগৰে গায়ন-বায়ন আৰু জাতীয়-জনজাতীয় কৃষ্টিৰ দলে শোভাযাত্রা কৰি লাভলীনাক লৈ যাব নিজা গৃহলৈ। গাঁৱৰ খলাবমা পথেৰে বোকা পানী খচকি গৈ টকিঅ’ অলিম্পিকৰ পৰা উপহাৰ লৈ অহা লাভলীনা নৱনৰ্মিত পকী পথেৰে গৃহাভিমুখী হ’ব। তাৰবাবে তৰিৎ গতিত প্ৰস্তুতি চলাইছে গড়কাপ্তানী বিভাগে। জগত জিনাৰ সপোন সাকাৰ কৰি টকিঅ’ অলিম্পিকৰ পৰা ব্ৰঞ্জৰ পদক লৈ অহা লাভলীনাক আদৰিবলৈ সকলোৱে চলাইছে এতিয়া ব্যাপক প্ৰস্তুতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − four =

Back to top button