অপৰাধআঞ্চলিক

নৱম আৰু দশম মান শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত জড়িত থকা অভিযুক্তক আটক;

আটক কৰা হ'ল মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আনোৱাৰ হুছেইন

মৰিগাঁও জিলাত নৱম আৰু দশম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আটক হ’ল মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক।

আটক হোৱা শিক্ষকজন আনোৱাৰ হুছেইন ওৰফে নুপুৰ মাষ্টৰ বুলি জানিব পৰা গৈছে।

দেওবাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে বিদ্যালয়খনৰ সহকাৰী শিক্ষক আনোৱাৰ হুছেইনক আটক কৰি সোধপোচ কৰাত প্ৰশ্ন কাকত ফাদিলত শিক্ষক আনোৱাৰ হুছেইন জড়িত  থকাটো পোহৰলৈ আহে।

উল্লেখ্য যে সহকাৰী শিক্ষক আনোৱাৰ হুছেইনে অস্থায়ী চকীদাৰ আতিকুলৰ জড়িয়তে প্ৰতিবছৰে মেট্ৰিক পৰীক্ষাত বুজন পৰিমানৰ অৰ্থৰ বিনিময়ত ছাত্ৰ ছাত্ৰীক নকল যোগান ধৰাৰো অভিযোগ আছে ৷ এইবাৰো আতিকুলে শিক্ষক আনোৱাৰ হুছেইনৰ পৰা প্ৰশ্ন কাকত ফাদিল কৰি লাভ কৰিছিল ৮০০০ হেজাৰ টকা।

২৫ নবেম্বৰ তাৰিখে নৱম আৰু দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল যদিও ২৪ নবেম্বৰ তাৰিখেই ছাত্ৰ ছাত্ৰীৰ হাতত পৰিছিল প্ৰশ্ন কাকত। সেইদৰে ২৭ নৱেম্বৰৰ দশম মানৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ২৬ নবেম্বৰতে ছাত্ৰ ছাত্ৰীৰ হাতত পৰিছিল।

উপায়ন্তৰ হৈ মৰিগাঁও জিলা শিক্ষা বিষয়াই দুয়োটা দিনৰ পৰিক্ষা সমগ্ৰ জিলা খনত বাতিল কৰিবলৈ বাধ্য হৈছিল ।মৰিগাঁও জিলাৰ উপায়ুক্তই প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত তদন্ত ঘোষণা কৰা তিনি দিনৰ পিছতেই লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচুৰ নিৰ্দেশ মৰ্মে মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিছিল আতিকুল ইছলামক।

আতিকুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে শিক্ষক আনোৱাৰ হুছেইনক আটক কৰাৰ লগতে ঘটনাটোত জড়িত আন কেইজনকো বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.