আন্তঃৰাষ্ট্ৰীয়

অনুতপ্ত উইল স্মিথ: একাডেমীৰ পৰা পদত্যাগ অভিনেতা উইল স্মিথৰ, কিন্তু কিয়?

স্কাৰৰ অনুষ্ঠানত পত্নীক লৈ ধেমালি কৰাৰ বাবে কৌতুক অভিনেতা ক্ৰাইছ ৰকক চৰিয়াইছিল অভিনেতা উইল স্মিথে।

এটা ভাইৰেল ভিডিঅ’। অস্কাৰৰ অনুষ্ঠানত পত্নীক লৈ ধেমালি কৰাৰ বাবে কৌতুক অভিনেতা ক্ৰাইছ ৰকক চৰিয়াইছিল অভিনেতা উইল স্মিথে। এই ভিডিঅ’ই তোলপাৰ লগাইছিল সমগ্ৰ বিশ্বত। ঘটনাৰ পিছতেই বহুতে উইল স্মিথৰ পক্ষত থিয় দিছিল যদিও সৰহ সংখ্যকে উইল স্মিথৰ এনে কাৰ্যক গৰিহণা দিছিল।

এই ঘটনাৰ পিছতেই উইল স্মিথে এখন পত্ৰযোগে ঘোষণা কৰে একাডেমীৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ কথা। তেওঁ লিখে যে,’মই একাডেমী অৱ ম’চন পিকচাৰ আৰ্টছ এণ্ড চায়েন্সেৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছো, আৰু বোৰ্ডে উপযুক্ত বুলি বিবেচনা কৰা যিকোনো পৰিণাম স্বীকাৰ কৰিবলৈ মই সাজু’।

‘৯৪ সংখ্যক একাডেমী এৱাৰ্ডছৰ অনুষ্ঠানত মোৰ ব্যৱহাৰ আচৰিত, বেদনাদায়ক আৰু অযোগ্য আছিল। মই আঘাত কৰা মানুহৰ তালিকাখন দীঘল। য’ত ক্ৰাইছ, তেখেতৰ পৰিয়াল, মোৰ বহু বন্ধু, প্ৰিয়জন, উপস্থিত দৰ্শকো সাঙুৰ খাই আছে’।

মই একাডেমীৰ বিশ্বাস ভাঙিলো। মই আন মনোনীত ব্যক্তিসকল, বিজয়ীসকলক তেওঁলোকৰ অসাধাৰণ কৰ্মৰ উদযাপন কৰাৰ পৰা বঞ্চিত কৰিলো। মই সঁচায়ে যথেষ্ট ভাগি পৰিছো। মই সেইসকলৰ ওপৰত গুৰুত্ব দিব বিচাৰো, যিসকলে তেওঁলোকৰ কৃতিত্বৰ বাবে যোগ্য। সেই সকল লোকৰ প্ৰতিভা, সৃজনীশীলতাক সমৰ্থন কৰাৰ বাবে একাডেমীয়ে মনোযোগ দিয়াটো বিচাৰো।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.