অসমউৎসৱগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতমনোৰঞ্জনশিক্ষাশিল্পী

আজি বিশ্ব ফটোগ্ৰাফী দিৱস, প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে উদযাপন কৰা হয়

আজি বিশ্ব ফটোগ্ৰাফী দিৱস।

দৃশ্যমান কলা হিচাপে আলোকচিত্ৰ বা ফটোৰ যুগান্তকাৰী ভূমিকাৰ কথা সৰ্বজনবিদিত।

ডিজিটেল যুগতো ফটোৰ প্ৰসাৰে পাইছে বিশেষ গুৰুত্ব।

প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে উদযাপন কৰা হয়।

ফ্ৰান্স আছিল ফটোগ্ৰাফীৰ অগ্ৰণী দেশ।

বিশ্বৰ প্ৰথম ফটোগ্ৰাফী প্ৰক্ৰিয়া ফ্ৰান্সতেই আৰম্ভ হৈছিল।

১৮৩৭ চনত যোচেফ নাইচফোৰ নিপচেৰ সহযোগত ফৰাচী ব্যক্তি লুইত ডাগোৱেৰে বিকশিত কৰিছিল এটি ফটোগ্ৰাফী প্ৰক্ৰিয়া।

দুবছৰৰ অন্তত ফৰাচী বিজ্ঞান একাডেমীয়ে দুয়োৰে আৱিষ্কাৰক প্ৰশংসা কৰি ইয়াক বিশ্বৰ বাবে এক উপহাৰ বুলি অভিহিত কৰে।

১৮৩৯ চনত ১৯ আগষ্টত এই বিষয়ে ঘোষণা কৰা হৈছিল আৰু ফ্ৰান্স চৰকাৰে ফটোগ্ৰাফী পদ্ধতিৰ পেটেণ্ট ক্ৰয় কৰিছিল।

তেতিয়াৰে পৰা প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰি অহা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.