leatest updateঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰি

আৰক্ষীৰ জেৰাত ফাদিল হৈছে জোনালী নাথৰ হত্যাকাৰী হাছানুৰ ইছলামৰ মিথ্যাচাৰ।

আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ মিছা স্বীকাৰোক্তি দিছিল হাছানুৰে।

এটাৰ পিছত এটা ন ন তথ্য পোহৰলৈ আহিছে বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ। আৰক্ষীৰ জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত হাছানুৰৰ। হাছানুৰে অকলে হত্যা কৰা নাছিল জোনালী নাথক। হত্যাকাণ্ডত হাছানুৰক সহযোগ কৰিছিল আন এজনেও। আজিবুৰ ৰহমান নামৰ এজনৰে মিলি জোনালী নাথক হত্যা কৰিছিল হাছানুৰে। হাছানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আজিবুৰৰ সন্ধানত আৰক্ষীৰ তীব্ৰ অভিযান।

আনহাতে ফাদিল হৈছে হত্যাকাৰী হাছানুৰ ইছলামৰ মিথ্যাচাৰ। হত্যাকাণ্ডত ব্যৱহৃত বাহনৰ গতি-বিধিৰ সন্দৰ্ভতো উলাইছে এক নতুন তথ্য। আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ মিছা স্বীকাৰোক্তি দিছিল হাছানুৰে। মাটিয়াৰ পৰা দুধনৈ অভিমুখে লৈ যোৱা নাছিল জোনালী নাথক। সন্ধিয়া ৭.৩২ বজাত কৃষ্ণাই বজাৰত দেখা গৈছিল হাছানুৰৰ বাহন। মৃতদেহ লৈ কৃষ্ণাইৰ বজাৰৰ মাজেৰে পাৰ হৈ গৈছিল বাহনখন।

পিছত শালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত পেলাইছিল জোনালীৰ মৃতদেহ। মৃতদেহ পেলোৱাৰ পিছতো দুধনৈ দিশলৈ যোৱা নাছিল হাছানুৰ। CCTVত বন্দী বগা ৰঙৰ বাহনখন পাৰ হৈ যোৱাৰ দৃশ্য। GPS লোকেছনৰ জৰিয়তে আৰক্ষীয়ে সংগ্ৰহ কৰিছে ফুটেজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.