Socialধৰ্মীয়ধাৰ্মিক

বন্ধ হ’ল মুকলিত নামাজ পঢ়া প্ৰথা?

‘মুকলিত নামাজ পঢ়া প্ৰথা সহ্য কৰা নহ’ব’ - মনোহৰলাল খট্টৰ

বন্ধ হ’ল মুকলিত নামাজ পঢ়া প্ৰথা?

হাৰিয়ানাৰ গুৰুগ্ৰামৰ ৰাজহুৱা স্থানত নামাজ পঢ়াক লৈ দীৰ্ঘদিনৰ পৰা চলি থকা বিতৰ্কৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে কয়, ‘মুকলিত নামাজ পঢ়া প্ৰথা সহ্য কৰা নহ’ব’।

৩৭ টা স্থানৰ ইতিমধ্যে মুকলিত নামাজ পঢ়াৰ অনুমতি বাতিল কৰিছে মুখ্যমন্ত্ৰী খট্টৰে। ইয়াৰ বাবে খট্টৰে  আৰক্ষী আৰু প্ৰশাসনীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে।

সাংবাদিকে এই বিষয়ত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মুকলি স্থানত নামাজ পঢ়িব নালাগে আৰু বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগে। তেওঁ কয়, ‘কোনোবাই নিজৰ ঠাইত নামাজ আৰু পূজা-অৰ্চনা কৰে, তাত একো সমস্যা নাই। কিন্তু মুকলিত নামাজ পঢ়া যি প্ৰথা আৰম্ভ হৈছে, সেয়া কেতিয়াও মানি ল’ব নোৱাৰি। সকলোৰে সৈতে বহি ইয়াৰ সমাধান উলিওৱা হ’ব’।

উল্লেখ্য যে, মুকলিত নামাজ পঢ়াক কেন্দ্ৰ কৰি দীৰ্ঘদিনৰ পৰা ৰাজ্যখনত এক বিতৰ্ক চলি আছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.