দুৰ্ঘটনাদৈনিক বাতৰিভাৰত

নিজ প্ৰাণৰ বিনিয়ত জীৱনদান দিলে ভতিজাকৰ, সেমেকা চকুৰে নিৰৱদৰ্শী হৈ ৰ’ল সকলো!

অতিকে কৰুণ ঘটনা! পেহিয়েকে নিজৰ প্ৰাণ দি জীৱনদান দি যায় ভতিজাক।

নিজৰ প্ৰাণৰ বিনিয়ত জীৱনদান দিলে এগৰাকী মহিলাই।

অতিকে কৰুণ ঘটনা! পেহিয়েকে নিজৰ প্ৰাণ দি জীৱনদান দি যায় ভতিজাক।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কুন্দৰকী থানাৰ সমীপত। দুৰ্ঘটনা বশতঃ এটি ৩ বছৰীয়া কনমানি শিশু ৰে’লৰ আলিত আৱদ্ধ হৈ পৰে। সেই সময়ত ওচৰকে আছিল শিশুটিৰ পৰিয়ালৰ লগতে ২০ বছৰীয়া পেহীয়েক।

তাত থকা লোকে কিবা পদক্ষেপ লোৱাৰ পূৰ্বে পেহীয়েকে ভতিজাকৰ ওচৰ পায় আৰু ৰেল লাইনৰ পৰা উদ্ধাৰ কৰিবলে আপ্ৰাণ চেষ্টা কৰে। কিন্তু কোনোপদ্ধ্যে শিশুটিক উদ্ধাৰ কৰিব নোৱাৰাত শেষত ৰে’ল আহি ওচৰ পোৱাত নিজেই ভতিজাৰ ওপৰত শুই পৰে। চলন্ত ট্ৰেইনে চিৰা চিৰ কৰি পেলাই মহিলাগৰাকীৰ শৰীৰ। কিন্তু প্ৰাণ ৰক্ষা পৰে কনমানিটিৰ।

আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীৰ সিচঁৰিত হৈ পৰা মৃতদেহৰ টুকুৰাসমুহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে শিশুটিৰো চিকিৎসাৰ ব্যৱস্থা কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.