অসমশ্ৰেণীবিহীন

ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হোৱা চাৰি কিশোৰক অৱশেষত উদ্ধাৰ কৰে মৰাণ আৰক্ষীয়ে

ঢেকীয়া, লাফু বিচাৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল চাৰি কিশোৰ

চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত খুমটাইৰ বামলাইনৰ শুক্ৰবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকা চাৰি কিশোৰৰ অৱশেষত উদ্ধাৰ কৰে মৰাণ আৰক্ষীয়ে।

উল্লেখ্য যে, শুকুৰবাৰৰ পুৱা চাৰি কিশোৰ ঢেকীয়া, লাফু বিচাৰিবলৈ বুলি ঘৰৰ পৰা ওলাই অহাৰ পিছত ঘৰলৈ ওভতি নহাত চিন্তিত হৈ পৰা কিশোৰ কেইগৰাকীৰ পিতৃ মাতৃয়ে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীননাথ মিলিৰ তত্বাৱধানত আৰু তিলৈ ভিডিপিৰ সহযোগত তিলৈ চাৰিলেনযুক্ত পথৰ পৰা নিশা উদ্ধাৰ হয় কিশোৰকেইজন।

আনহাতে কি উদ্দেশ্য ওলাই গৈছিল কিশোৰ কেইটা এই কথা এতিয়াও ৰহস্যৰ আবৰ্তত। এই সংক্ৰান্তত আৰক্ষীৰ তদন্ত বৰ্তমানো অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.