আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাভাৰত

দুৰ্ভাগ্যজনক খবৰ! ইউক্ৰেইনত মৃত্যু হ’ল প্ৰথমজন ভাৰতীয় ছাত্ৰৰ

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আহিছে এক দুৰ্ভাগ্যজনক খবৰ। ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত হ'ল এজন ভাৰতীয় ছাত্ৰ

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আহিছে এক দুৰ্ভাগ্যজনক খবৰ। ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত হ’ল এজন ভাৰতীয় ছাত্ৰ।
খাৰকিভ ৰাষ্ট্ৰীয় চিকিৎসা বিশ্ববিদ্যালয়ত চতুৰ্থ বৰ্ষৰ অধ্যয়নৰত আছিল নবীন শেখৰাপ্পা জ্ঞানগৌদাৰ নামৰ কৰ্ণাটকৰ যুৱকজন। সূত্ৰ অনুসৰি, নিজৰ ফ্লেটৰ পৰা ৰেল ষ্টেচন অভিমুখে খোজ কাঢ়ি গৈ আছিল নবীনে। তেনে সময়তে ৰাছিয়াৰ মিছাইল বৰ্ষণত নিহত হয় ছাত্ৰজন।

নবীন শেখৰাপ্পা জ্ঞানগৌদাৰ নামৰ ছাত্ৰজন কৰ্ণাটকৰ হাভেৰী জিলাৰ চালাগাৰীৰ আছিল বুলি জানিব পৰা গৈছে। নবীনৰ মৃত্যুৰ কথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে টুইটযোগে জনাই লিখে, ” আমি গভীৰ দুখৰ সৈতে নিশ্চিত কৰিছো যে, আজি ৰাতিপুৱা খাৰকিভত হোৱা গোলাবর্ষণত এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাইছে,”

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.