আন্তঃৰাষ্ট্ৰীয়

বিশ্বত পাৰমাণৱিক যুদ্ধৰ আশংকা, পাৰমাণৱিক বোমাৰ বিস্ফোৰণ হ’লে পৃথিৱীত জীয়াই থাকিবনে জীৱ?

যদি বিশ্বৰ সকলো পাৰমাণৱিক বোমাৰ একে সময়তে বিস্ফোৰণ হয়, তেন্তে কি হ'ব? এই প্ৰশ্নক লৈ যদিও কোনো চৰকাৰী তথ্য নাই, তথাপি অনুমান কৰা হৈছে।

ইউক্ৰেইনৰ সৈতে অব্যাহত আছে ৰাছিয়াৰ যুঁজ। ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ যুঁজ হৈ থকাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ পুটিনে সকীয়নি দিছে বিশ্ববাসীক। ইউক্ৰেইনৰ সমৰ্থনত অহা ৰাষ্ট্ৰক গম্ভীৰ পৰিণাম ভুগাৰ হুংকাৰ পুটিনৰ। সমান্তৰালকৈ ৰাছিয়াই দেশৰ পাৰমাণৱিক শক্তিকো সতৰ্ক কৰি দিছে, যিয়ে বিশ্বত পৰমাণু যুদ্ধৰ ভয়াৱহতাৰ কথা স্পষ্ট কৰি তুলিছে। বিশ্বৰ ভিতৰতে অধিক পাৰমাণৱিক শক্তি থকা ৰাছিয়াৰ এই বাণীয়ে শংকিত কৰি তুলিছে বিশ্ববাসীক।

 

ফেডাৰেছন অৱ আমেৰিকান চাইণ্টিষ্টৰ তথ্য অনুসৰি, ৰাছিয়াত বৰ্তমান ৫৯৭৭টা পাৰমাণৱিক বোমা আছে। লগতে ১৫৮৮টা কৌশলগত বোমা আছে, যিকেইটা মিছাইলৰ জৰিয়তে নিক্ষেপ কৰি বিস্ফোৰিত কৰিব পৰা হ’ব। এই ভয়াৱহতাৰ সময়ত সকলোৰে মনত উদয় হৈছে এক প্ৰশ্নৰ। যদি বিশ্বৰ সকলো পাৰমাণৱিক বোমাৰ একে সময়তে বিস্ফোৰণ হয়, তেন্তে কি হ’ব? এই প্ৰশ্নক লৈ যদিও কোনো চৰকাৰী তথ্য নাই, তথাপি অনুমান কৰা হৈছে।

 

অনুমান অনুসৰি, বিশ্বৰ আটাইকেইখন দেশত ধ্বংসলীলা চলাবলৈ প্ৰয়োজন হ’ব ১৩,৫০০ পাৰমাণৱিক বোমাৰ। কিন্তু বৰ্তমান মজুত থকা ১৫,০০০ পাৰমাণৱিক বোমা বিস্ফোৰিত হ’লে বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী ইন্দোনেছিয়াৰ ক্ৰাকাতোৱা আগ্নেয়গিৰিতকৈ ১৫ গুণ বেছি ভয়ানক হ’ব পৰিণাম।

 

যদি সকলো পাৰমাণৱিক বোমা একেলগে বিস্ফোৰিত কৰা হয়, তেন্তে বোমা বিস্ফোৰণৰ তিনি হাজাৰ কিলোমিটাৰলৈকে ধ্বংস হ’ব সকলো বস্তু। ইয়াৰ ফলত উষ্ণতা ইমানেই বৃদ্ধি পাব যে, কোনো জীৱই সেই উষ্ণতাত জীয়াই থাকিব নোৱাৰিব। আনকি, পৃথিৱীৰ পৰাই হেৰাই যাব জীৱৰ অস্তিত্ব। পাৰমাণৱিক বোমাৰ পৰা নিৰ্গত হোৱা ৰশ্মিৰ প্ৰভাৱো বহুদিন ধৰি থাকিব সমগ্ৰ বিশ্বত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 11 =

Back to top button