অৰ্থনৈতিকঅসমস্বাস্থ্য

এতিয়াৰে পৰা গুৱাহাটীত অকল পঞ্জীয়নভুক্ত দোকানতহে পোৱা যাব ধঁপাত

ধঁপাত বিক্রীৰ বাবে পঞ্জীয়নভুক্ত দোকানসমূহে জি এম চিৰ পৰা ক্রয় কৰিব লাগিব অনুজ্ঞা–পত্র

গুৱাহাটীত এতিয়াৰে পৰা যিকোনো দোকানতে পোৱা নাযাব ধপাত। কেৱল পৌৰ নিগমৰ পঞ্জীয়নভুক্ত দোকানতহে এতিয়াৰ পৰা ধঁপাত, গুট্খা, চিগাৰেট আদি সামগ্রী বিক্রী কৰিব পাৰিব৷ ধঁপাত বিক্রীৰ বাবে পঞ্জীয়নভুক্ত দোকানসমূহে জি এম চিৰ পৰা অনুজ্ঞা–পত্র ক্রয় কৰিব লাগিব৷ শনিবাৰে পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷

একেদৰে পৌৰ নিগমৰ এলেকাত থকা সকলো হোকাবাৰ এতিয়াৰে পৰা স্থায়ীভাৱে বন্ধ কৰি দিয়াৰো সিদ্ধান্ত লোৱা হয়৷ জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ধঁপাতৰ বিক্রী নিয়ন্ত্রণ কৰিবলৈ এনে সিদ্ধান্ত লোৱা বুলি জি এম চি কর্তৃপক্ষই সদৰী কৰিছে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.