চাকৰিদৈনিক বাতৰিভাৰত

ভাৰতীয় সেনাত যোগ দিব বিচৰা মহিলাৰ বাবে সুখবৰ,মহিলাৰ বাবে মুকলি হ’ল NDAৰ দুৱাৰ

কেৱল প্ৰৱেশ পৰীক্ষাই নহয়, সেনাত নিযুক্তি পাব মহিলাই

ভাৰতীয় সেনাত যোগ দিব বিচৰা মহিলাসকলৰ বাবে সুখবৰ। মহিলাৰ বাবে মুকলি হ’ব নেশ্যনেল ডিফেন্স একাডেমী(NDA)ৰ দুৱাৰ।

স্থল সেনা, নৌ সেনাত স্থায়ী নিযুক্তি পাব মহিলাই। NDAৰ জৰিয়তে নিযুক্তি পাব মহিলাসকলে।

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছে এই সিদ্ধান্ত। পূৰ্বে উচ্চতম ন্যায়ালয়ে NDAত মহিলাৰ নামভৰ্তি সন্দৰ্ভত দিছিল ৰায়।  NDAৰ প্ৰৱেশ পৰীক্ষাত মহিলাক অৱতীৰ্ণ হোৱাৰ অনুমতি দিছিল।

কিন্তু ইয়াৰ পিছতেই কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেৱল প্ৰৱেশ পৰীক্ষাই নহয়, সেনাত নিযুক্তি পাব মহিলাই।

উল্লেখযোগ্য যে, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই মহিলাসকলে যোগ দিব পাৰিব নেশ্যনেল ডিফেন্স একাডেমীত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.