Assambihubohag bihuInternationalleatest updateRegionalSocial

অসমতেই নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰেও ৰঙালীৰ ৰঙত মতলীয়া প্ৰবাসী অসমীয়া

ঢোলৰ মাতত গুমগুমাই উঠিল জাৰ্মানীৰ মিউনিখ চহৰ।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো আহি পালে ব’হাগ। ঢোল-পেঁপাৰ মাতত ৰজনজনাই আছে ৰাজ্যৰ আকাশ-বতাহ। ৰাজ্যবাসীয়ে উলহ মালহেৰে পালন কৰিলে সাত বিহু।

পিছে অসমতেই নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰেও ৰঙালীৰ ৰঙত মতলীয়া প্ৰবাসী অসমীয়া। ঢোলৰ মাতত গুমগুমাই উঠিল জাৰ্মানীৰ মিউনিখ চহৰ। দ্বিতীয়বাৰৰ বাবে প্ৰবাসী অসমীয়া ‘শৰাই’ৰ উদ্যোগত উদযাপন ৰঙালী বিহু। দেশখনৰ ভিন্ন চহৰত বাস কৰা প্ৰায় এশৰো অধিক অমসীয়া পৰিয়াল একত্ৰিত হৈ পালন কৰিলে হেঁপাহৰ বিহু। বিহু, হুঁচৰিৰ লগতে গীতে–মাতে জীপাল হৈ উঠিল জাৰ্মানীৰ মিউনিখ চহৰ। জন্মভূমিৰ পৰা দূৰৈত থাকিলেও শিপা পাহৰা নাই এইসকল অসমীয়াই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.