দিল্লীদুৰ্ঘটনা

এটা তিনিমহলীয়া অট্টালিকা খহি সমাধিস্থ হয় শিশুসহ কেইবাজনো লোক

দিল্লীক সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

দিল্লীক সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ক্ষনিকতে খহি পৰিল এটা সুউচ্চ অট্টালিকা।
উত্তৰ দিল্লীৰ চবজি মাণ্ডি অঞ্চলত এটা তিনিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত শিশুসহ কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে।
দুৰ্ঘটনাটোৰ পাছতে ততাতয়াকৈ ঘটনাস্থলীলৈ পাঁচখন অগ্নি নিৰ্বাপক বাহন প্ৰেৰণ কৰা হয় যদিও এতিয়াও চলি আছে উদ্ধাৰ অভিযান।
এতিয়ালৈকে এজন বৃদ্ধ লোকক ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও ভৱনটোত থকা ৪, ৫জন লোক এতিয়াও ধ্বংসাবশেষৰ তলত সমাধিস্থ হৈ আছে বুলি সন্দেহ কৰা হৈছে আৰু উদ্ধাৰ প্ৰচেষ্টা চলি আছে।
অট্টালিকাটো বাগৰি পৰোতে কাষেৰে পাৰ হৈ যোৱা দুটা শিশুও ধ্বংসাবশেষৰ তলত সমাধিস্থ হয়। লগতে বাগৰি পৰা অট্টালিকাটোত এখন গাড়ীয়েও খুন্দা মাৰে।
পুৱা প্ৰায় ১১.৫০ মান বজাত চাবজি মাণ্ডি অঞ্চলত অট্টালিকাটো খহি পৰিছিল বুলি জানিব পৰা গৈছে।
ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীসকলে কয় যে, অট্টালিকাটো বাগৰি পৰোতে ওচৰৰ কেইবাটাও ঘৰ কঁপি উঠে আৰু ব্যাহত হৈ পৰে অঞ্চলটোৰ বিদ্যুত সংযোগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.