EducationSocial Networkজীৱনশৈলীবিজ্ঞানভাৰত

গুগল ডুডলত আজি প্ৰকাশ পোৱা মহিলাগৰাকী ভাৰত গৌৰৱ!

গুগল ডুডল কি?

গুগল ডুডলত প্ৰকাশ পোৱা আজিৰ ফ’টোখন চাগে আপুনি দেখিছে। কিন্তু জানেনে গুগল ডুডলত আজি প্ৰকাশ পোৱা মহিলাগৰাকী কোন?

গুগল ডুডল কি?

গুগল ডুডল হৈছে, গুগলত কোনো বিষয়ৰ ওপৰত তথ্যৰ সন্ধান কৰিবলৈ যাওতে ওলাই থকা এখন বিশেষ চিত্ৰ, যিখন চিত্ৰ কিছুমান বিশেষ ব্যক্তি অথবা বিষয়ৰ হয়। গুগল ডুডলৰ চিত্ৰ প্ৰতিদিনেই সলনি হয়।

গুগল ডুডলৰ সেই ফ’টোত আজি স্থান পাইছে এগৰাকী বিশেষ ভাৰতীয় মহিলাই। যিগৰাকী মহিলা হৈছে ভাৰত গৌৰৱ কাদম্বিনি গাংগুলী। তেওঁ ভাৰতৰ প্ৰথম গৰাকী মহিলা চিকিৎসক। ১৬০ সংখ্যক জন্মদিন উপলক্ষে গুগলে ফালৰ পৰা তেখেতক এই বিশেষ সন্মান জনোৱা হৈছে।

কাদম্বিনি গাংগুলী স্ত্ৰী ৰোগ বিশেষজ্ঞা আছিল। কলিকতাত চিকিৎসা বিজ্ঞানৰ আদি পাঠ গ্ৰহণ কৰি লণ্ডনলৈ গৈ অন্য তিনিটাকৈ চিকিৎসাৰ ডিগ্ৰী গ্ৰহন কৰি ভাৰতলৈ উভতি আহি কলিকতাৰ হাস্পতালতে চিকিৎসা সেৱা আগবঢ়াইছিল তেওঁ।

১৮৬১ চনৰ ১৮ জুলাইত অবিভক্ত ভাৰতৰ ভগলপুৰত জন্ম গ্ৰহণ কৰিছিল কাদম্বিনি গাংগুলীয়ে, যি স্থান বৰ্তমানে ভাৰতৰ পৰা বিভাজন হৈ এতিয়া বাংলাদেশত অৱস্থিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.