আন্তঃৰাষ্ট্ৰীয়

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য কি!

সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিগৰাকী সংবাদকৰ্মীলৈ থাকিল প্ৰেছ দিৱসৰ শুভেচ্ছা

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিগৰাকী সংবাদকৰ্মীলৈ থাকিল প্ৰেছ দিৱসৰ শুভেচ্ছা। প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। এই দিনটোত ভাৰতত এখন স্বতন্ত্ৰ আৰু দায়িত্বশীল সংবাদ মাধ্যমৰ উপস্থিতি চিহ্নিত কৰা হৈছিল। এই দিনটোৰ উদ্দেশ্য হৈছে গণতন্ত্ৰত এখন স্বতন্ত্ৰ সংবাদ মাধ্যমৰ গুৰুত্ব কঢ়িয়াই অনা।সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জনা যায়। কোৱা হয় যে সাংবাদিকসকল সমাজৰ এক আইনা, যি প্ৰতিকূল পৰিস্থিতিতো সত্য উলিয়াই আনে। এই দিনটো সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সমাজৰ প্ৰতি ইয়াৰ দায়বদ্ধতাৰ প্ৰতীক। ভাৰতীয় প্ৰেছ কাউন্সিলে এই দিনটোতে কাম কৰা আৰম্ভ কৰিছিল। এক বিধিবদ্ধ আৰু অৰ্ধ-ন্যায়িক প্ৰতিষ্ঠান প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।

 

 

 

উল্লেখ্য যে, ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল। এই দিনটোৰ পিছৰে পৰা প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই (পিচিআই) নৈতিক প্ৰহৰী হিচাপে কাম কৰি আহিছে যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজাই ৰাখে। প্ৰেছ আয়োগে ভাৰতত সংবাদ মাধ্যমৰ স্বীধনতা সুৰক্ষা কৰিবলৈ এটা প্ৰেছ কাউন্সিল গঠন কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন কৰা হৈছিল আৰু ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম-কাজ আৰম্ভ কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.