দুৰ্ঘটনা

উত্তৰাখণ্ডৰ পাউৰীত দুৰ্ঘটনাত পতিত হয় বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাহন!

পাউৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ বাছখন কেইবাশ মিটাৰ তলৰ এটা খাৱৈত বাগৰি পৰে

মংগল বাৰৰ দিনটোতে অমানিশা নামি আহিল উত্তৰাখণ্ডলৈ। উত্তৰাখণ্ডৰ পাউৰী গড়ৱালত যোৱা নিশা সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা। চিমদি গাঁৱৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত পতিত হয় এখন বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাহন। উত্তৰাখণ্ডৰ পাউৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ বাছখন কেইবাশ মিটাৰ তলৰ এটা খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় ২৫ গৰাকীকৈ যাত্ৰী। আনহাতে বৰ্তমানলৈকে নিহতৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পায়। বাছখনৰ ভিতৰত প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল। নিশা আৰক্ষী, SDRF আৰু স্থানীয় লোকে চলোৱা অভিযানত প্ৰায় ২১ জন যাত্ৰীক উদ্ধাৰ কৰা হয়। আহত সকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

 

 

উত্তৰাখণ্ডৰ পাউৰীত সংঘটিত এই বাছ দুৰ্ঘটনাত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত তেওঁ টুইট কৰি কয় যে, “উত্তৰাখণ্ডৰ পাউৰীত সংঘটিত বাছ দুৰ্ঘটনা হৃদয়বিদাৰক। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা। মই আশা কৰোঁ আঘাতপ্ৰাপ্ত সকল যিমান সম্ভৱ সোনকালে আৰোগ্য হ’ব। উদ্ধাৰ অভিযান চলি আছে। দুৰ্ঘটনাত পতিত লোকসকলক সম্ভৱত সকলো সহায় প্ৰদান কৰা হ’ব”। আনহাতে ৰাজনাথ সিঙেও ঘটনা সন্দৰ্ভত টুইটযোগে দূখ প্ৰকাশ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.