Covid-19বলিউডভাৰত

বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম ক’ভিডত আক্ৰান্ত

মঙলবাৰে ছ'চিয়েল মিডিয়াৰ জড়িয়তে এই কথা ঘোষণা কৰিলে চনুয়ে

বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম ক’ভিডত আক্ৰান্ত। মঙলবাৰে ছ’চিয়েল মিডিয়াৰ জড়িয়তে এই কথা ঘোষণা কৰিলে চনুয়ে। তেওঁৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰও আক্ৰান্ত হৈছে ক’ভিডত। সম্প্ৰতি ডুবাইত আছে কণ্ঠশিল্পীগৰাকী।

কন্ঠশিল্পীগৰাকীয়ে ইনষ্টাগ্ৰামৰ জড়িয়তে এটা পোষ্ট শ্বেয়াৰ কৰে আৰু ক’ভিড পজিটিভ হোৱা বাতৰিটো প্ৰকাশ কৰে। তাৰ লগতে সকলোলে নৱবৰ্ষৰ শুভেচ্ছা জনাই চনু নিগমে।

https://www.instagram.com/tv/CYTznMkg1Ti/?utm_source=ig_web_copy_link

চনুৱে জনাইছে যে, তেওঁ বৰ্তমান পৰিয়ালৰ সৈতে ডুবাইত আছে। আৰু তেওঁ এটা শ্ব’ৰ দৃশ্যগ্ৰহণৰ বাবে ভুৱনেশ্বৰলৈ যোৱাৰ কথা আছিল যদিও সেইয়া এতিয়া সম্ভৱ নহ’ব। কাৰণ বৰ্তমানে তেওঁ হোম আইছ’লেচনত আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.