ভাৰতমনোৰঞ্জন

Boycott কৰাৰ পিছতো Superhit! উপাৰ্জনৰ অভিলেখ ‘লাল সিং চাদ্দা’ৰ

ভাৰতত লাল সিং চাদ্দাই এতিয়ালৈকে প্ৰায় ৫৬ কোটি টকা উপাৰ্জন কৰিছে।

Boycott কৰাৰ পিছতো Superhit! উপাৰ্জনৰ অভিলেখ ‘লাল সিং চাদ্দা’ৰ

আমিৰ খান আৰু কৰীনা কাপুৰ খান অভিনীত ‘লাল সিং চাদ্দা’ ১১ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল। ১৯৯৪ চনৰ টম হেংকছৰ প্ৰশংসিত ছবি ফৰেষ্ট গাম্পৰ হিন্দী ৰিমেক ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিলেও ভাৰতত ছবিখনে বয়কট ট্ৰেণ্ডৰ বলি হৈ দেশৰ বক্স অফিচত মুখ থেকেচা খাইছিল। কিন্তু শেহতীয়া খবৰবোৰ বিশ্বাস কৰিবলৈ হ’লে আন্তঃৰাষ্ট্ৰীয় বজাৰত অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে লাল সিং চাদ্দাই৷

বলীউড হাংগামাই প্ৰকাশ কৰা অনুসৰি অদ্বৈত চন্দনৰ পৰিচালনাই এতিয়া আলিয়া ভাট্টৰ গংগুবাই কঠিয়াৱাড়ীক অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি হিচাপে পৰিগণিত হৈছে। গংগুবাই কঠিয়াৱাড়ীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৭৪ লাখ ডলাৰ উপাৰ্জন কৰাৰ বিপৰীতে লাল সিং চাদ্দাই ৭৫ লাখ ডলাৰ অৰ্থাৎ ৫৯ কোটি টকা সংগ্ৰহ কৰিছে। এই দুখন ছবিৰ পিছতে কাৰ্তিক আৰিয়ানৰ ছবি ভূল ভূলাইয়া-২য়ে ৫৮ লাখ ডলাৰ আৰু দ্য কাশ্মীৰ ফাইলছ ৫৭ লাখ ডলাৰ উপাৰ্জন কৰিছিল।

আনহাতে ভাৰতত লাল সিং চাদ্দাই এতিয়ালৈকে প্ৰায় ৫৬ কোটি টকা উপাৰ্জন কৰিছে। শেহতীয়াকৈ খবৰ ওলাইছে যে বক্স অফিচত ছবিখনৰ উপাৰ্জনক লৈ আমিৰ খান শোক বিধ্বস্ত হৈ পৰিছে। “ফৰেষ্ট গাম্পৰ এটা শ্ৰেষ্ঠ সংস্কৰণ সম্ভৱপৰ কৰি তুলিবলৈ আমিৰে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.