Socialআন্তঃৰাষ্ট্ৰীয়

বন্ধুঃ দুখত ভাগি পৰিলে, হ’ব দে নাভাবিবি, সকলো ঠিক হ’ব বুলি কৈ সাহস দিয়াজনেই বন্ধু

ভাগৰ লগা সময়ত জুৰীয়া আঁহতৰ ছাঁত জিৰাবলৈ দিয়াজনেই বন্ধু

হাজাৰটা কাজিয়াৰ পাছত ভালে আছনে বুলি সোধাজনেই বন্ধু। অভিমানবোৰ নেওচি মৰমেৰে ওপচাই পেলোৱাজনেই বন্ধু। দুখত ভাগি পৰিলে, হ’ব দে নাভাবিবি সকলো ঠিক হ’ব বুলি কোৱাজনেই বন্ধু। ভাগৰ লগা সময়ত জুৰীয়া আঁহতৰ ছাঁত জিৰাবলৈ দিয়াজনেই বন্ধু।

বন্ধুত্ব অন্য এক অনুভূতি। বন্ধু অন্য এক উন্মাদনা। ভগৱানৰ অন্য এক উপহাৰ হৈছে ‘বন্ধু’। বন্ধুত্বক উদযাপন কৰিবৰ বাবেই আজিৰ দিন। অৱশ্যে বন্ধুসকলক এটা বিশেষ দিনত শুভেচ্ছা জনালে এক প্ৰকাৰ স্বাৰ্থপৰতা নহ’বনে? তথাপি আমি সকলোৱে উদযাপন কৰো আজিৰ এই বিশেষ দিনটো।

সজীৱ হৈ ৰওক 'বন্ধুত্ব'
সজীৱ হৈ ৰওক ‘বন্ধুত্ব’

বন্ধুত্বৰ সংজ্ঞা অনেক। বন্ধুত্ব, যিটো শব্দৰ সংজ্ঞ‍া সকলোৰে বাবে বেলেগ। মানুহ,পশু-পক্ষী,জড়-জীৱ সকলোবোৰ বন্ধু।কোনোবা এদিনৰ চিনাকী,কোনোবা দুদিনৰ আৰু কোনোবা বহুদিনৰ চিনাকী। তথাপি প্ৰত্যেকজন বন্ধুৰ মাজত এটা সম্পৰ্ক আছে। লাগিলে সেয়া ভালেই হওঁক বা বেয়াই হওঁক। বন্ধুৱে আপোনাৰ ভাল-বেয়া দিনত যেনেকৈ লগ দিবও পাৰে,তেনেকৈ এৰিবও পাৰে।বন্ধুত্বক নুই কৰাটো এক প্ৰকাৰ অসম্ভৱ। এক অৰ্থত বন্ধুত্ব এক নিচা। আপুনি কাৰোবাক কিছুমান কথাত বেয়া পালেও বা কাৰোবাৰ ওপৰত অভিমান কৰি থাকিলেও বেয়া পাব নোৱাৰে। যাৰ বন্ধু আছে সি সঁচাই ভাগ্যশালী।

আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ তাৎপৰ্য:

১৯১৯ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধু সকললৈ কাৰ্ড পঠাইছিল। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাহে আৰম্ভ হয়। ১৯৩৫ চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ প্ৰথম ৰবিবাৰে  পালন কৰা হ’ব বন্ধুত্ব দিৱস। এই দিৱস অতি শীঘ্ৰেই জনপ্ৰিয় হৈ পৰে আৰু তেতিয়াৰে পৰা বিশ্বজুৰি পালন কৰা হয় আন্তৰ্জাতিক বন্ধুত্ব দিৱস।

উজুতি খালে হাত আগবঢ়াই দিবি বন্ধু
উজুতি খালে হাত আগবঢ়াই দিবি বন্ধু

বন্ধুত্বৰ নামত কাৰোবাক কৰা সহায় হৃদয়েৰে গ্ৰহণ কৰক। আজি যদি আপুনি কাৰোবাক বিপদৰ দিনত সহায় কৰিছে,কি ঠিক কালিলৈ সেই বন্ধুৱে ৰোৱা জুৰীয়া আঁহতৰ ছাঁত আপুনি জিৰাব লাগিব। কিয়নো সময় সকলোৰে বাবে একেই নাথাকে। কিন্তু কাৰোবাক সহায় কৰি কেতিয়াও তাৰ সলনি নিবিচাৰিব। কাৰণ বন্ধুত্বৰ মাজত থকা সম্পৰ্ক সদায় নিস্বাৰ্থ।

আগতে একেখন পাততে ভাত খোৱা, স্কুলত দুষ্টামি কৰি লগৰজন ধৰা পৰিলে ময়ো এই কাম কৰিছিলো বুলি কৈ হেড ছাৰৰ মাৰ খোৱা, এজনে কান্দিলে আনজনেও মন মাৰি থকা সেই দিনবোৰ এতিয়া নাই। আজিকালি ছ’চিয়েল মিডিয়াতে আৱদ্ধ মৰম-ভালপোৱা। যদিও এতিয়াও জীপাল হৈ আছে বন্ধুত্ব। তথাপি ক’ৰবাত যেন নাই পূৰ্বৰ দৰে সীমাহীন আৱেশ, উমাল পৰশ।

সকলো অপশক্তি অতিক্ৰমী সদায় সেউজীয়া হৈ থাকক বন্ধুত্ব। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে বন্ধুত্বৰ মৰমেৰে গঢ়ি উঠক এক সৰ্বাংগ সুন্দৰ সমাজ। তেতিয়াহে সফল আজিৰ এই বন্ধুত্ব দিৱস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button