আন্তঃৰাষ্ট্ৰীয়খেল

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় আৰ্চাৰীবিদ দীপিকা কুমাৰীয়ে

ছিয়াৰ খেলুৱৈ কেচেনিয়া পেৰোভাক ৬-৫ পইন্টত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে দীপিকা কুমাৰীয়ে

মহিলা আৰ্চাৰীত বিশ্বৰ ভিতৰতে অন্যতম খেলুৱৈ দীপিকা কুমাৰীয়ে ৰাছিয়াৰ খেলুৱৈ কেচেনিয়া পেৰোভাক ৬-৫ পইন্টত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

শুকুৰবাৰে, নিয়মাৱলী ফাইভ ছেটাৰৰ পিছত ৫-৫ ত আৱদ্ধ হৈ থকা ২৭ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে শ্বুট-অফত ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী কেচেনিয়া পেৰোভাক হৰুৱাবলৈ সক্ষম হয়।

শুকুৰবাৰে দিনৰ ১১.৩০ বজাত দক্ষিণ কোৰিয়াৰ কেলুৱৈ এন চানৰ সৈতে খেলত নামিব ভাৰতীয় আৰ্চাৰীবিদ দীপিকা কুমাৰী।

উল্লেখযোগ্য যে, টকিঅ’ অলিম্পিকত মীৰাবাঈৰ সফলতাৰ পাছত বৃহস্পতিবাৰে বেডমিন্টন চাটাৰ পিভি সিন্ধুয়ে পৰাস্ত কৰে মিয়া ব্লিচফেল্ডটক। ভাৰতীয় পুৰুষৰ হকী খেলুৱৈৰ দলটোৱে আৰ্জেন্টিনাৰ হকী খেলুৱৈক ৩-১ পইন্টত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.