আন্তঃৰাষ্ট্ৰীয়খেলশ্ৰেণীবিহীন

পদক জয়ৰ দৌৰৰ পৰা আঁতৰিল ভাৰতীয় খেলুৱৈ

অলিম্পিকৰ পৰা আজি অৱশ্যে ভাৰতলৈ অহা নাই কোনো সুখবৰ

টকিঅ’ অলিম্পিকত চলিছে ক্ৰীড়াবিদৰ পাৰদৰ্শিতাৰ যুঁজ। অলিম্পিকৰ পৰা আজি অৱশ্যে ভাৰতলৈ অহা নাই কোনো সুখবৰ। ভাৰতবাসীৰ আশা আকাংক্ষাৰ যেন চেঁচা পানী পৰিল আজিৰ খেলৰ অন্তত।

টকিঅ’ অলিম্পিকত গ্ৰেট ব্ৰিটেইনক পৰাভূত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় হকীৰ পুৰুষ দলটোক লৈ আশাবাদী আছিল ভাৰতবাসী। ভাৰতবাসীয়ে আশা কৰিছিল, ভাৰতীয় হকীৰ পুৰুষ দলে পদক আজুৰি অনাৰ। পিছে অলিম্পিকৰ ফাইনেলত প্ৰৱেশৰ সপোন আধাতে সামৰিলে ভাৰতীয় হকীৰ পুৰুষ দলে। ছেমিফাইনেলত বেলজিয়ামৰ শক্তিশালী খেলুৱৈৰ ওচৰত পৰাস্ত হ’ল ভাৰতীয় খেলুৱৈ।

আনহাতে, জেভেলিনত আন্নু ৰাণীয়েও দেখুৱাব নোৱাৰিলে সন্তোষজনক ফলাফল। মল্লযুঁজত অ’পেনিং বাউটতে হাৰ মানে মল্লযুঁজাৰু সোনম মালিকে। শ্বটপুটতো যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল খেলুৱৈ তাজিন্দৰ পল।

পিছে বুধবাৰে হ’বলগীয়া ভাৰতীয় হকীৰ মহিলা দল আৰু বক্সাৰ লাভলীনা বৰগোঁহাইক লৈ আশাবাদী ভাৰতীয়। সকলোৰে আশা, ভাৰতলৈ পুনৰ আহক পদক জয়ৰ বতৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.