আন্তঃৰাষ্ট্ৰীয়পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগ
Trending

প্ৰচণ্ড জুইৰ শিখাৰ মাজতে জন্ম এটি কণমানি ছাগলী পোৱালিৰ, গৰাকীয়ে নাম ৰাখিলে ‘MIRACLE’

টুৰ্কীৰ দক্ষিণ প্ৰদেশত জন্ম পোৱা এই ছাগলীটোৰ নাম হ'ল-মিৰাকল(Miracle)

এটা কণমানি ছাগলী পোৱালি। জুইৰ লেলিহান শিখাৰ মাজতে জন্ম পালে এটি ছাগলী পোৱালিয়ে। এই ঘটনা সংঘটিত হৈছে টুৰ্কীত। টুৰ্কীৰ দক্ষিণ প্ৰদেশত জন্ম পোৱা এই ছাগলীটোৰ নাম হ’ল-মিৰাকল(Miracle)।

টুৰ্কীৰ এক বৃহৎ অঞ্চল আৱৰি ধৰে বনজুয়ে। জুয়ে আৱৰি ধৰে চাৰ্কেন বায়াত নামৰ এজন কৃষকৰ পশু পাম। টুৰ্কীৰ মানৱগাত জিলাৰ এই ফাৰ্মখনত বনজুয়ে আগুৰি ধৰাৰ ফলত মৃত্যুমুখত পৰে কেইবাটাও পোহনীয়া জন্তু।
কাষৰীয়া জংঘলত জুইৰ সূত্ৰপাত ঘটাৰ ক্ষন্তেক সময়ৰ পাছতেই চাৰ্কেন বায়াতৰ গাঁৱলৈ বিয়পি পৰে বনজুই।

নিৰাপত্তাৰক্ষীয়ে জুইৰ পৰা বাচিবলৈ গাঁওবাসীক গাঁও এৰিবলৈ নিৰ্দেশ দিয়ে যদিও নিজৰ জীৱনকো তুচ্ছ কৰি পোহনীয়া জন্তুকেইটাৰ উদ্ধাৰৰ বাবে আগবাঢ়ি যায় চাৰ্কেন বায়াত। নিজৰ প্ৰাণতকৈও আপোন জন্তুকেইটাক বিপদত পৰিবলৈ নিদি জুইৰ মাজেৰেই গৈ বায়াতে উদ্ধাৰ কৰে পোহনীয়া গৰু। অৱশ্যে, জুইৰ শিখাত অগ্নিদগ্ধ হয় কৃষকজনৰ হাত-ভৰি। আনকি জুইত প্ৰাণ হেৰুৱায় তেখেতৰ মৰমৰ কেইটামান জন্তুৱে। তাৰে কেইটামান গৰু-ছাগলী গাভিনী হৈ আছিল বুলিও জনায় বায়াতে।

Turkey Deadly Wild Fire
Turkey Deadly Wild Fire

বনজুইৰ শিখাই গাঁৱৰ অধিকাংশ লোকৰ ঘৰ পুৰি চাৰখাৰ কৰাৰ ৪ ঘন্টাৰ পাছত ঘৰলৈ উভতি আহি বায়াতে দেখে ঘৰৰ সন্মুখত জুয়ে পুৰা মাটিৰ ওপৰত থকা এটা কণমানি ছাগলী পোৱালি। আচৰিত হৈ পৰা কৃষকজনে কয় যে, “এনেকুৱা পৰিস্থিতিত কেনেকৈ এই ছাগলী পোৱালিটো জন্ম হ’ল, কেনেকৈ পোৱালিটো বাচি আছে মই নাজানো, কিন্তু সকলোবোৰ সমস্যাৰ মাজত ছাগলী পোৱালিটোৱেই হ’ল আমাৰ একমাত্ৰ শান্তি।”

বনজুইৰ দৰে ভয়ংকৰ দুৰ্যোগৰ মাজতে ছাগলী পোৱালিটো জন্ম হোৱাৰ বাবে আনন্দত আত্মহাৰা হৈ পৰা টুৰ্কীৰ কৃষকজনে ছাগলী পোৱালিটোৰ নাম ৰাখে ‘মিৰাকল'( MIRACLE)। জুইৰ শিখাৰ মাজত ছাগলী পোৱালি জন্ম পোৱা ঘটনা সঁচায়ে এক আশ্চৰ্য্যকৰ বিষয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.