অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জোনাই মহকুমাধিপতি গুৰুত্বপূৰ্ণ সভা, মুনমুনি চাপৰিৰ গো পালকৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ সভা

সমাধানৰ দিশে জোনাইৰ মুনমুনি চাপিৰৰ সমস্যা

দীৰ্ঘদিনে চলিছিল গো-পালক, বেদখলকাৰীৰ সংঘাত

সমস্যা সন্দৰ্ভত মহকুমাধিপতি কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

জিলা উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত এই সভা

সভাত উপস্থিত কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি

তদন্তৰ অন্তত উলিওৱা হ’ব ১৭,৯২০ বিঘা ভূমিৰ সীমা

জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মাজি-আলি মুনমুনি চাপৰিৰ গো পালকৰ সমস্যাক লৈ বৃহস্পতিবাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। ধেমাজি জিলা উপায়ুক্তৰ উপস্থিতিত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মাজি আলি মুনমুনি চাপৰিৰ বেদখলকাৰী খেতিয়ক আৰু গো পালকৰ দীৰ্ঘদিনীয়া সংঘাতৰ সমস্যা সমাধানৰ উদ্দেশ্য অনুষ্ঠিত হয় এই সভা। সভাত উপস্থিত থাকে কেইবাটাও দল–সংগঠনৰ প্ৰতিনিধি। জিলা উপায়ুক্ত শান্তনু ভৰালীয়ে কয় যে নথি আৰু চৰজমিন তদন্তৰ অন্তত সমাধান কৰা হ’ব দীৰ্ঘদিনীয়া সমস্যা। তদন্তৰ অন্তত চৰনীয়া পথাৰৰ প্ৰায় ১৭,৯২০ বিঘা ভুমি উলিয়াই সীমা নিৰ্ধাৰণ কৰি সমস্যা সমাধান কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 7 =

Back to top button