অপৰাধদুৰ্ঘটনা

বিজয়া দশমীৰ দিনাই অঘটন, প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা ভক্তক মহতিয়াই নিলে দ্ৰুতবেগী বাহনে…

কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত SUV বাহনে প্ৰতিবাদী কৃষকক মহতিয়াই নিয়া ঘটনাৰ পিছত এয়া হৈছে ভাৰতত সংঘটিত হোৱা দ্বিতীয়টো ঘটনা।

এক ভয়ংকৰ ঘটনাই জোকাৰিছে সমগ্ৰ দেশ। বিজয়া দশমীৰ দিনাই চত্তীশগড়ত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। শুকুৰবাৰে, চত্তীশগড়ৰৰ যশপুৰ জিলাত বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জন দিবলৈ যোৱাৰ সময়ত সংঘটিত হয় এক দুৰ্ঘটনা।

দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত পথত শোভাযাত্ৰা কৰি যোৱা ভক্তক মহতিয়াই নিয়ে এখন দ্ৰুতবেগী বাহনে। শুকুৰবাৰে হোৱা এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। আনহাতে, ১৬জন লোকক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ঘটনা সংঘটিত কৰা মধ্যপ্ৰদেশৰ বাবলু বিশ্বকৰ্মা আৰু শিশুপাল চাহুক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যশপুৰ আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ঘটনা সন্দৰ্ভত চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শোক প্ৰকাশ কৰিছে। লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত SUV বাহনে প্ৰতিবাদী কৃষকক মহতিয়াই নিয়া ঘটনাৰ পিছত এয়া হৈছে ভাৰতত সংঘটিত হোৱা দ্বিতীয়টো ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.