ফেশ্বনভাৰত

চুলি কটাৰ কি অদ্ভুত কৌশল, মহিলাৰ চুলিত থু পেলাই বিতৰ্কত জাভেদ হাবিব…

ভিডিঅ'টো এটা চুলিৰ পৰিচৰ্যাৰ অনুষ্ঠানৰ। এজন হেয়াৰড্ৰেচাৰে চুলি কটাৰ এটা ভিডিঅ ভাইৰেল হৈ পৰে ছ'ছিয়েল মিডিয়াত। কিয়নো এগৰাকী মহিলাৰ চুলি কটাৰ সময়ত মহিলাৰ চুলিত থুই পেলাইছে হেয়াৰড্ৰেচাৰজনে।

এটা ভাইৰেল ভিডিঅ’। ইন্টাৰনেটত ক্ষণিকতে ভাইৰেল হৈ পৰা ভিডিঅ’টো নোচোৱা মানুহ খুব কমেই ওলাব। যি ভিডিঅ’ দেখিলে ঘৃণাৰে ওপচি পৰিব আপোনাৰ মন।

ভিডিঅ’টো এটা চুলিৰ পৰিচৰ্যাৰ অনুষ্ঠানৰ। এজন হেয়াৰড্ৰেচাৰে চুলি কটাৰ এটা ভিডিঅ ভাইৰেল হৈ পৰে ছ’ছিয়েল মিডিয়াত। কিয়নো এগৰাকী মহিলাৰ চুলি কটাৰ সময়ত মহিলাৰ চুলিত থুই পেলাইছে হেয়াৰড্ৰেচাৰজনে।

থুই পেলাই বিতৰ্কত সোমোৱা এই মানুহজনৰ নাম জাভেদ হাবিব।

চুলি কটাৰ কি অদ্ভুত কৌশল, মহিলাৰ চুলিত থু পেলাই বিতৰ্কত জাভেদ হাবিব...

অভিযোগ অনুসৰি মুজাফাৰনগৰত আয়োজন কৰা এক অনুষ্ঠানত এগৰাকী মহিলাৰ মূৰত থুই পেলাই বিতৰ্কত সোমাইছে জাভেদ হাবিব। প্ৰথমে চাওঁক এই ভিডিঅ’। এগৰাকী মহিলাৰ চুলিত থুই পেলাইছে এইজন হেয়াৰড্ৰেচাৰে।

https://twitter.com/MODIfiedVikas/status/1478966565332664320

উল্লেখ্য যে, চাৰিদিনীয়া কাৰ্যসূচীৰে মুজাফৰনগৰৰ কিং ভিল্লা হোটেলত চুলিৰ পৰিচৰ্যাৰ ওপৰত আয়োজন কৰা হৈছিল এক বিশেষ অনুষ্ঠানৰ। কিন্তু অনুষ্ঠানত জাভেদ হাবিবে চুলি কাটি থকাৰ মাজতে ইচ্ছাকৃতভাৱে মহিলাগৰাকীৰ মূৰত থুই পেলায়। আনকি জাভেদে এয়াও কয় যে, ‘যদি চুলি কটাৰ সময়ত কেতিয়াবা পানীৰ অভাৱ হয়, তেন্তে তুমি থুই ব্যৱহাৰ কৰিব পাৰা… থুইত জীৱন আছে…!’

এই ঘটনাৰ পিছতেই ভুক্তভোগী মহিলাগৰাকীয়ে তেখেতৰ সৈতে জাভেদ হাবিবে কৰা অপব্যৱহাৰৰ ভিত্তিত হাবিবৰ বিৰুদ্ধে মানচুৰপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। হাবিবে কৰা অপব্যৱহাৰৰ বাবে The National Commission of Womenএও হাবিবক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। আনকি বহুতেই হেয়াৰড্ৰেচাৰগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

ইতিমধ্যে, মানচুৰপুৰ আৰক্ষী থানাত মহিলাগৰাকীয়ে তৰা গোচৰৰ ভিত্তিত জাবেদ হাবিবৰ বিৰুদ্ধে ধাৰা ৩৫৫ আৰু ৫০৪ৰ অধীনত ৰুজু কৰা হৈছে এক গোচৰ। অৱশ্যে ঘটনাৰ পিছতে মহিলাগৰাকীৰ ওচৰত এক ভিডিঅ’যোগে ক্ষমা বিচাৰে হেয়াৰড্ৰেচাৰ জাভেদ হাবিবে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button