অসমদুৰ্ঘটনা

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাগিনীয়েকে, কথমপি প্ৰাণ ৰক্ষা মোমায়েকৰ

মাকুম দিশৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা AS-219446 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাকে একে দিশৰে পৰা গৈ থকা AS-23-Q-4151 নম্বৰৰ এখন গ্লেমাৰ বাইকত খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চালক-আৰোহী।

তিনিচুকীয়াৰ মাকুম পথৰ থাৰ্মেলত ভয়ংকৰ পথ দুৰ্ঘটনা।পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে।

দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত যুৱতীগৰাকী হোজাই লংকাৰ মামণি চৌধুৰী। আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী বিমান চক্ৰৱৰ্তী নামৰ যুৱকজন।

দেওবাৰে, মাকুম দিশৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা AS-219446 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাকে একে দিশৰে পৰা গৈ থকা AS-23-Q-4151 নম্বৰৰ এখন গ্লেমাৰ বাইকত খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চালক-আৰোহী।

ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ নিহত যুৱতীগৰাকীৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক ততালিকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাবটি লয় যুৱতীগৰাকীয়ে। উল্লেখ্য যে, নিহত যুৱতীগৰাকী, সম্বন্ধত বিমান চক্ৰৱৰ্তীৰ ভাগিনীয়েক আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button