অসমগুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সতীৰ্থ সন্মিলন

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্রনি প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৬৭ চনতেই প্রতিষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন “সতীর্থ সন্মিলন” অহা ১৯ মার্চ, ২০২৩ তাৰিখে এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। এই সম্পর্কে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে বিভাগৰ মুৰব্বী অধ্যাপক তথা সতীর্থ সন্মিলনৰ পৃষ্ঠপোষক ড০ চন্দন কুমাৰ গোস্বামী, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড০ ৰবীন্দ্ৰ শৰ্মা আৰু প্ৰচাৰ সমিতিৰ আহ্বায়ক ড০ নীলাক্ষী কলিতাই।

পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এই সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে। গৌৰৱোজ্বল ৫৫ বছৰীয়া এই পুৰণি বিভাগটোৱে যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতক ডিগ্ৰীৰ ডিপ্লমা, পি জি পাঠ্যক্ৰম আৰু গৱেষণা (এম.ফিল আৰু পি.এইচ.ডি. সহ) পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰি আহিছে।
আজিৰ সংবাদমেলত বিভাগটোৰ মাননীয় মুৰব্বী ড° চন্দন কুমাৰ গোস্বামীয়ে বিশ্ববিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সম্মিলনখনিত প্ৰতিগৰাকী প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্রহণ আন্তৰিকতাৰে কামনা কৰে যাতে প্রাক্তন ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমানৰ শিক্ষাৰ্থী সকল আৰু বিভাগৰ সৈতে এটি নিবিড় সম্পর্ক অক্ষুণ্ণ ৰাখিব পাৰে।

সতীর্থ সন্মিলন উদযাপন সমিতিৰ সভাপতি শ্ৰী কিশোৰ উপাধ্যায়ে তেওঁৰ বিবৃতিত কয় যে, ১৯৬৭ চনত প্রতিষ্ঠা হোৱা এই বিভাগটোৰ সকলো প্রাক্তন ছাত্র-ছাত্রীক সংযোগ কৰাৰ লক্ষ্যৰে এই সম্মিলনখনিৰ আয়োজন কৰা হৈছে। এনেধৰণৰ সন্মিলনৰ জৰিয়তে শিক্ষাৰ্থীসকলক আজীৱন বিভাগটোৰ সৈতে জড়িত হৈ থাকিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰি থাকিব।
সম্মিলনখনিৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন,ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতা অনুষ্ঠান, ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰংগ অনুষ্ঠান, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটিত বিভাগৰ প্রাক্তন শিক্ষার্থী যি সকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত উজ্বলি আমাকো গৌৰৱান্বিত কৰিছে সেই সকলোৱেও অংশগ্ৰহন কৰিব। সতীর্থ সন্মিলন খনিৰ স্মৃতিধৰি ৰখাৰ প্ৰয়াসেৰে স্মৃতিগ্ৰন্থ এখনি প্ৰকাশৰো যো-জা কৰি থকা হৈছে। তেখেতে প্ৰাক্তন শিক্ষার্থীসকলক অনুষ্ঠানত যোগদানৰ বাবে গুগুল ফর্ম পূৰণ কৰি সদস্যভর্তি হ’ব পাৰিব বুলিও উল্লেখ কৰে।

এই সন্মিলনত অংশগ্ৰহণৰ বাবে আৰু সদস্য পদৰ বাবে দুটা পদ্ধতি আছে বুলিও শ্রী উপাধ্যায়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এবছৰীয়া সদস্যপদৰ বাবে পঞ্জীয়ন ৫০০ টকা আৰু আজীৱন সদস্যপদৰ বাবে পঞ্জীয়নৰ মাছুল ৫০০০ টকা ধাৰ্য কৰা হৈছে। এই উদ্দেশ্যে পঞ্জাব নেচনেল বেংক, গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ একাউন্ট নং ১৮৩৯২০০১০০০০ (IFSC: PUNB0183920) ত সমূহ প্রাক্তন ছাত্র ছাত্রীক পঞ্জীয়ন মাচুল জমা দিবলৈ আহ্বান জনাইছে। পঞ্জীয়নৰ অন্তিম তাৰিখ ১০ মার্চ, ২০২৩ । এই সম্পর্কে বিষদভাৱে জানিবলৈ ফেচবুক পেজ: Alumni Association- DCIGU অথবা ৯৮৫৪০৭২০৯৬, ৯৪৩৫০১৯১৩১ আৰু ৮৭৬১০৪২৯৮৯ নম্বৰত যোগাযোগ কৰিবলৈ ও আহ্বান জনায়।

সতীর্থ সন্মিলন উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড° ৰবীন্দ্ৰ শৰ্মাই সন্মিলনৰ বিষয়ে অৱগত কৰি পঞ্জীয়ন প্ৰক্ৰিয়াৰ সবিশেষ বিৱৰণ দাঙি ধৰে। লগতে ইংৰাজী, অসমীয়া আৰু বেংগলী ভাষাত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ খনিৰ বাবে প্রাক্তন ছাত্র -ছাত্রী সকলক প্রবন্ধ, গল্প, কবিতা, লিমাৰিক, বিশ্ববিদ্যালয়ৰ স্মৃতি বিজড়িত অনুভব, কার্টুন, ফটোগ্রাফ আদি অহা ২৮ ফেব্ৰুৱাৰী ২০২৩ তাৰিখৰ ভিতৰত souvenir.alumnimeetdcjgu@gmail.com ৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ আহ্বান জনাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 1 =

Back to top button