Assamleatest updatepolitical

২০২৬ত কাৰ কাৰ ফুলিব কপাল? কোন সমষ্টিত আহিব নতুন মুখ?

হাহাকাৰ লাগিছে শাসকীয় বিধায়িনী দলত।

কুৰিৰো অধিক সমষ্টিত সলনি হ’ব বিজেপিৰ প্ৰাৰ্থী! ২০২৬ সুখকৰ নহ’ব বিজেপিৰ কুৰিৰো অধিক বিধায়কৰ। কোন সমষ্টিত আহিব নতুন মুখ?হাহাকাৰ লাগিছে শাসকীয় বিধায়িনী দলত।

ইতিমধ্যে বিজেপিয়ে আৰম্ভ কৰিছে ২০২৬ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতি। অনুষ্ঠিত হৈছে ইখনৰ পাছত সিখন চিন্তন বৈঠক। আনহাতে বৰ্তমানৰ বিজেপিৰ দখলত থকা প্ৰতিটো সমষ্টিতে দলে সম্পূৰ্ণ কৰিছে দুটাকৈ চাৰ্ভে। গোপন ভাবে চলোৱা এই চাৰ্ভে অনুসৰি ডেৰ কুৰিৰো অধিক বিধায়কৰ ৰিপোৰ্ট কাৰ্ডক লৈ সন্তুষ্ট নহয় দলীয় নেতৃত্ব।ৰিপোৰ্ট কাৰ্ড অনুসৰি কেইবাজনো বিধায়কৰ বিৰুদ্ধে আছে সমষ্টিবাসীৰ বহু অভিযোগ।

২০২৬ত কাৰ কাৰ ফুলিব কপাল? পলাশবাৰীত তৎপৰ হিমাংশু শেখৰ বৈশ্য। সমষ্টিতোৰ দুবাৰৰ বিধায়ক হেমাংগ ঠাকুৰীয়া অন্তৰ্ভুক্ত হৈছে এই কুৰিজনীয়া তালিকাত। হাজোত চকু গৌতম দাস,গুৰুজ্যোতি দাসৰ। সমষ্টি পুনৰ গঠনৰ পাচত SC ৰ বাবে সংৰক্ষিত হ’ল হাজো সমষ্টি। ফলত বৰ্তমানৰ বিধায়ীকা সুমন হৰিপ্ৰিয়া এৰি দিব লাগিব সমষ্টিটো।যাৰ বাবে সমষ্টিটোত অনুসুচীত জাতিৰ প্ৰতিনিধি বিছাৰি দলত আৰম্ভ হৈছে চৰ্চা।এটা সুত্ৰই দাবী কৰা অনুসৰি দলৰ বাছনিত উঠিছে । মংগলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ নাম।

এক সুত্ৰই দাবী কৰা মতে,পৰিবহন বিষয়া গৌতম দাসৰো মন বিধায়ক হোৱাৰ। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিষয়া দাস অনুসুচীত জাতিৰ প্ৰতিনিধি হিচাপে সমষ্টিটোৰ বাবে ভিতৰুৱাকৈ নেতৃত্বৰ সৈতে অব্যাহত ৰাখিছে নিৰবচিন্ন যোগাযোগ। আনহাতে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰনীয়া আৰু যুৱনেতা প্ৰণৱ লহকৰে দলৰ সেউজ সংকেট লৈ সমষ্টিটোৰ চুকে কোনে ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে এই দুই নেতাই।

মুঠৰ উপৰত সমষ্টিয়ে সমষ্টিয়ে ভিৰ কৰিছেহি প্ৰাৰ্থীসকলে। নৱেম্বৰ ডিছেম্বৰত হবলগীয়া শেষৰটো গোপন চাৰ্ভেত যদি একেই ফলাফল ওলাই তেনেহ’লে ২০২৬ ত নিশ্চত বিপদত পৰিব প্ৰায় ডেৰ কুৰি বিজেপিৰ বিধায়ক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + three =

Back to top button