পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰবিশ্ব

ভাৰতৰ ১২খন মহানগৰ থাকিব পানীৰ তলত- নাছাৰ ভয়ংকৰ তথ্য

বিশ্বজুৰি সমুদ্রৰ জলপৃষ্ঠৰ কি পৰিৱর্তন হৈছে

আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই শেহতীয়াকৈ প্ৰকাশ কৰিছে এক ভয়ংকৰ তথ্য। এই তথ্য অনুসৰি বৃহৎ প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হ’ব ভাৰত৷ পৰিস্থিতি এনে পর্যায়লৈ যাব পাৰে যে এই শতিকাৰ শেষলৈ মুম্বাই, চেন্নাই, কোচি, বিশাখাপট্টনমসহ ভাৰতৰ ১২খন উপকূলীয় মহানগৰ তিনি ফুট বা তাতকৈ বেছি পানীৰ তলত থাকিব লগা হ’ব পাৰে৷

বিশ্বজুৰি সমুদ্রৰ জলপৃষ্ঠৰ কি পৰিৱর্তন হৈছে তাক লৈ ইণ্টাৰগৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ (আইপিচিচি)ৰ প্রতিবেদন বিশ্লেষণ কৰিছে নাছাই৷ এই প্রতিবেদন অনুসৰি সমুদ্র উপকূলৰ মহানগৰসমূহ মানুহৰ বসতিশূন্য হৈ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে৷

গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বিশ্বজুৰি নানা পৰিবৰ্তন হ’ব ধৰিছে। বিশ্বৰ হিমবাহৰ দ্রুত গলন চলি আছে৷ হিমবাহ ধ্বংসৰ ফলত মহাসাগৰৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ ফলত ধিৰে ধিৰে উপকূলীয় অঞ্চলসমূহ বসবাসৰ অনুপযোগী হৈ পৰিব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 6 =

Back to top button