Socialঅপৰাধঅসমআঞ্চলিক

বৰ্ষাশ্ৰীৰ পিছত এইবাৰ ফেচবুকত প’ষ্ট দি ৰঙাঘৰৰ আলহী আন এজন ছাত্ৰ

আলফাৰ সমৰ্থনত ৰাজহুৱাভাৱে সামাজিক মাধ্যমত প’ষ্ট দি কলাইগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী ছাত্র। গ্ৰেপ্তাৰ হোৱা ছাত্ৰ জন বৰঙাবাৰীৰ প্ৰমোদ কলিতা।

বৰ্ষাশ্ৰীৰ পিছত এইবাৰ আন এজন যুৱকে আলফাৰ সমৰ্থনত প’ষ্ট দি হ’ল ৰঙাঘৰৰ আলহী! হাতত ম’বাইল লৈ হকে-বিহকে ফেচবুকত প’ষ্ট দিয়া সকল সাৱধান। আপোনাৰ ম’বাইলৰ প্ৰতিটো প’ষ্ট, কমেন্ট এতিয়া অসম আৰক্ষীৰ তীক্ষ্ণ নজৰত।

এটা সামান্য প’ষ্টৰ বাবেই জেললৈ যোৱাৰ পথ সুগম হ’ব পাৰে আপোনাৰো। শেহতীয়াকৈ, আলফাৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী।

আলফাৰ সমৰ্থনত ৰাজহুৱাভাৱে সামাজিক মাধ্যমত প’ষ্ট দি কলাইগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী ছাত্র। গ্ৰেপ্তাৰ হোৱা ছাত্ৰ জন বৰঙাবাৰীৰ প্ৰমোদ কলিতা।

টংলা কলেজৰ চতুৰ্থ ষান্মাসিকৰ ছাত্র প্ৰমোদে কিছু দিন পূৰ্বে নিষিদ্ধ ঘোষিত আলফাৰ সমৰ্থনত ফেচবুকত এটা প’ষ্ট দিছিল। আৰু সেই প’ষ্টৰ বাবেই কলাইগাঁও আৰক্ষীয়ে দেওবাৰে ছাত্র জনক গ্ৰেপ্তাৰ কৰে।

Case no 47/22. under Section 120(B)/121 /121(A) / Section 39 of UA(P) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ছাত্ৰ জনক ওদালগুৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 12 =

Back to top button